শিৱসাগৰ,২০ ছেপ্টেম্বৰঃ শিৱসাগৰ জিলাত আজি অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ তত্বাৱধানত বিভিন্ন দাবীৰ পূৰণৰ বাবে এক ঘণ্টীয় ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে শিক্ষকসকলে। উক্ত প্ৰতিবাদী কায্যসূচীত সন্মিলনৰ নেতৃত্বৰ বিষয়ববীয়া , অবিভক্ত শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰা শিক্ষক-শিক্ষয়িত্ৰী সকলে জিলা বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ সন্মুখত কেইবাটাও দাবী সম্বলিত দফাৰ কাৰ্য্যসূচীৰে অংশগ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতে-হাতে প্লে-কাৰ্ড লৈ পুৰণি পেঞ্চন নীতি বাহাল ৰাখা, সকলো প্ৰকাৰৰ ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণ, ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ত থকা শিক্ষক বিৰোধী সকলো দফা প্ৰত্যাহাৰ কৰক, দেশৰ সকলো ৰাজ্যতে সপ্তম দৰ্মহা বিধি প্ৰয়োগ কৰক, বিধিমতে প্ৰাপ্য আদায় দিয়ক, শিক্ষাত ব্যক্তিগত অংশীদাৰিত্ব বন্ধ আদি শ্ল’গানেৰে জিলা বিদ্যালয়ৰ পৰিদৰ্শকৰ কায্যালয়ৰ সন্মুখত আকাশ-বতাহ কঁপাই তোলে। উক্ত প্ৰতিবাদী কায্যসূচীত শিক্ষক ফিৰোজে সাংবাদিকৰ ৰূপত অৱৰ্তীণ হৈ প্ৰতিবাদকাৰী শিক্ষকসকলক বিভিন্ন প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগ উঠিছে। যিসময়ত শিক্ষা বিভাগে শিক্ষক আৰু সাংবাদিকৰ দুইটা বৃত্তিত নিয়োজিত নহ’বলৈ কঠোৰ নিদেৰ্শনা জৰিয়তে তথ্য সংগ্ৰহ কৰিবলৈ বিদ্যালয় পৰিদৰ্শকৰ কায্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে তেনে সময়ত খোদ শিৱসাগৰ জিলা বিদ্যালয়ৰ পৰিদৰ্শকৰ কায্যালয়ত সন্মুখত হোৱা প্ৰতিবাদীস্থলীত অংশগ্ৰহণ কৰা শিক্ষকসকলৰ মাজৰ পৰা এজন শিক্ষকে দুটা বৃত্তিত নিয়োজিত হৈ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ লগতে সাংবাদিকৰ ৰূপত অৱৰ্তীণ হয়। চৰকাৰী কঠোৰ নিদেৰ্শৰ পাছতো খোদ জিলা শিক্ষা বিভাগৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ সন্মুখৰ প্ৰতিবাদস্থলীত এজন শিক্ষকে সাংবাদিকৰ বৃত্তিত নিয়োজিত হৈ এফালে প্ৰতিবাদস্থলীত বহে আৰু আনফালে সাংবাদিকৰ ৰূপত প্ৰশ্ন কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইপিনে আজি প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীসমূহ পূৰণ অনাগত দিনত শীতকালীন অধিবেশনত সাংসদ ভৱন ঘেৰাও কাৰ্য্যসূচী লোৱাৰ হুংকাৰ দিয়ে। উক্ত প্ৰতিবাদস্থলীত সময়ত আকস্মিকতে উপস্থিত হয় অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন। মন্ত্ৰীগৰাকীক শিক্ষক সন্মিলনৰ বিষয়ববীয়াই তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবৰ বাবে এখন স্মাৰক পত্ৰ দিয়ে। মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ দাবীসমূহ সমাধানৰ বাবে শিক্ষা মন্ত্ৰীক অৱগত কৰিব বুলি উল্লেখ কৰে। লগতে প্ৰাথমিক শিক্ষক সন্মিলনৰ বিষয়-ববীয়াই তেওঁলোকৰ ৫ টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মালৈ প্ৰেৰণ কৰে।