বৰপেটা,২১ ছেপ্টেম্বৰ: বঙাইগাঁও আৰু বৰপেটা জিলাৰ সীমামূৰীয়া সৰভোগৰ ২নং বগুলামাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । মদৰ ৰাগিত নিজ ঘৈণীয়েকক হত্যাৰ চেষ্টা চলাই স্বামী হাবুল আলীয়ে। হাবুল আলীয়ে প্ৰায় প্ৰতিদিনে মদৰ নিচাত ঘৰত নিজ ঘৈনীয়েক ৰেজিনা বেগমক শাৰিৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আন দিনাৰ দৰেই মঙলবাৰে মদৰ নিচাত নিজ ঘৈণীয়েকক চৰম নিৰ্যাতন চলাই হত্যাৰ চেষ্টা কৰে। ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ ৰেজিনা বেগমক কোনোমতে ৰক্ষা কৰিবলৈ সক্ষম হয়। পিছত মদৰ নিচাত মাতাল হৈ থকা হাবুল আলীক আটক কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰেজিনা বেগমক চিকিৎসাৰ বাবে চিকিৎসালয়ত প্ৰেৰণ কৰে লগতে মদাহী হাবুল আলীক থানালৈ লৈ যায়। দীৰ্ঘদিন ধৰি হাবুল আলীয়ে নিজ পত্নীক শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। মদাহী হাবুল আলীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।