লংকা,২১ ছেপ্তম্বৰঃ সাম্প্ৰতিক সময়ত এক স্পৰ্শকাতৰ বিষয় হিচাপে বিবেচিত সোপাধৰাক লৈ সামাজিক মাধ্যমত অপ-প্ৰচাৰ চলোৱা দুজন লোকক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন দুজনৰ নাম আয়ুবুৰ ৰহমান আৰু আছাদুল হক। দুয়োজনৰ ঘৰ লংকা আৰক্ষী থানাৰ অন্তৰ্গত কপিলাপাৰ আৰু লস্কৰপথাৰত। উল্লেখ যে আটকাধীন দুয়োজনে ছচিয়েল মিডিয়া ফেচবুকত লংকা আৰক্ষী থানাৰ অন্তৰ্গত আমতলা নামৰ ঠাইত সোপাধৰা নামত এগৰাকী মহিলা ধৰিছে বুলি ভিডিঅ’ প্ৰচাৰ কৰিছিল। পিছত হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশক লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয়া দাসে অভিযান চলাই দুয়োজনকে আটক কৰে। বৰ্তমান দুয়োজনক লংকা আৰক্ষী থানাত ৩৯১/২২নম্বৰত এক গোচৰ ৰুজু কৰি শংকৰদেৱ নগৰ আদালতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।