নিউজ ডেক্স,২১ ছেপ্টেম্বৰঃ জিমত ৱৰ্কআউট কৰি থাকোঁতে হৃদযন্ত্ৰ বন্ধ হৈ এমাহতকৈও অধিক সময়কাল মৃত্যুৰ সৈতে যুঁজি অৱশেষত আজি শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮বছৰ। তেওঁক পুৱা ১০.২০ বজাত মৃত বুলি ঘোষণা কৰা হয়। সঁচাকৈয়ে এয়া এক দুৰ্ভাগ্যজনক খবৰ। তেওঁ ৪০ দিনতকৈও অধিক সময় চিকিৎসালয়ত যুঁজি আছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কমেডিয়ান গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ টুইটত প্ৰখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে এজন সুদক্ষ শিল্পী হোৱাৰ উপৰিও তেওঁ এজন অতি সজীৱ ব্যক্তি আছিল। তেওঁ সামাজিক ক্ষেত্ৰতো অতি সক্ৰিয় আছিল। তেওঁৰ শোকসন্তপ্ত পৰিয়াল আৰু অনুৰাগীলৈ সিঙে সমবেদনা জ্ঞাপন কৰে। শ্ৰীবাস্তৱে ১৯৮০ চনৰ পৰা মনোৰঞ্জনৰ ক্ষেত্রখনত সক্ৰিয় হৈ আছিল যদিও ২০০৫ চনতহে ষ্টেণ্ড আপ কমেডী শ্ব’ “দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ”ত অংশগ্ৰহণ কৰাৰ পিছতহে স্বীকৃতি লাভ কৰিছিল। “মেইনে প্যাৰ কিয়া”, “বাজিগৰ”, “বম্বে টু গোৱা” আৰু “আমদানী আথানি খৰ্চা ৰূপৈয়া” আদি হিন্দী ছবিত অভিনয় কৰিছিল। “বিগ বছ” ছিজন থ্ৰীৰ প্ৰতিযোগীসকলৰ ভিতৰত তেওঁ অন্যতম আছিল। উল্লেখ্য যে ৰাজু শ্ৰীবাস্তৱে মৃত্যু পৰ্যন্ত উত্তৰ প্ৰদেশৰ চলচ্চিত্ৰ বিকাশ পৰিষদৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
