গুৱাহাটী,২১ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ চৰকাৰী আৱাসগৃহত সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্রীয়ে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্রীক অৱগত কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক প্রকল্প আৰু আঁচনি সম্পৰ্কত প্রধানমন্ত্ৰীক অৱগত কৰে। আনহাতে সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ২৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানলৈ প্ৰধানমন্ত্রী মোডীক আমন্ত্রণ জনায়। উল্লেখ যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সাদিন-প্রতিদিন প্রকাশন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই অসমীয়া অভিধান ‘হেমকোষ’ৰ প্ৰথমটো ব্ৰেইল সংস্কৰণ প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে প্ৰদান কৰে।