শিৱসাগৰ,২২ ছেপ্টেম্বৰঃ ইতিহাসৰ পাঠত জাকত জিলিকাৰ দৰে জিলিকি আছে আহোম ৰাজত্বৰ ঐতিহাসিক সমলবোৰ। পৰিতাপৰ বিষয় যে উপযুক্ত সংৰক্ষণৰ অভাৱত নিঃশেষ হোৱাৰ দিশে সমগ্ৰ বিশ্বতে চিনাকী অসমীয়া জাতিৰ গৌৰৱ শিৱসাগৰৰ ঐতিহাসিক সমলবোৰ৷ বছৰ বছৰ ধৰি আহোম ৰাজত্বৰ সমল সমূহ ৰাজ্য চৰকাৰ বা পুৰাতত্ব বিভাগে সংৰক্ষণৰ ব্যৱস্থা নকৰাৰ ফলত জহি খহি গৈ ইতিহাসৰ পাঠতে সীমাবদ্ধ লিপিবদ্ধ হৈ আছে৷ উল্লেখ্য যে ছশ বছৰীয়া আহোম ৰাজত্বৰ সোণালী স্বাক্ষৰ বহন কৰা ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত বহু ঐতিহাসিক সমল সিঁচৰতি হৈ আছে । আহোম যুগৰ কীৰ্তি চিহ্নৰ সমগ্ৰ বিশ্বতে চিনাকী । কিন্তু উপযুক্ত সংৰক্ষণ আৰু পুৰাতত্ত্ব বিভাগৰ চৰম গাফিলতি আৰু অমনযোগিতা ফলত একাংশ সম্পদ আজিও লোকচক্ষুৰ আঁতৰত ধ্বংসমুখী দিশলৈ গতি কৰিছে। কিন্তু তাৰ মাজতে এটি ভাল খবৰ আহিল শিৱসাগৰলৈ। শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অধ্যয়নৰ বাবে প্ৰাৰম্ভিক পয্যায়ত এক কোটি টকা পুঁজি মুকলি কৰা ঘোষণাই সমগ্ৰ জিলাখনতে আনন্দ উছাহৰ ঢল বৈছে। দিল্লী ভ্ৰমণলৈ যোৱা বিধায়ক অখিল গগৈয়ে দিল্লীৰ অসম হাউছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ কাৰণে প্রয়োজনীয় অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা দুই-এদিনতে ১ কোটি টকা মোকলাই দিয়াৰ লগতে শিৱসাগৰ আৰু থাওৰা সমষ্টিৰ মাজত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ আদি আলোচনা মূল বিষয়ত ইতিবাচক বাৰ্তা আহিল । লগতে মুখ্যমন্ত্ৰীৰ লগত আলোচনাত ৰংঘৰত লাইট এণ্ড ছাউণ্ড ব্যৱস্থা কৰা তথা শিৱসাগৰৰ প্রস্তাবিত সমবায় বিশ্ববিদ্যালয়ক সাধাৰণ বিশ্ববিদ্যালয়লৈ পৰিবৰ্তন কৰাৰ কাৰণেও মুখ্যমন্ত্রীয়ে বিধায়কগৰাকীক প্ৰতিশ্ৰুতি প্ৰদান কৰে। তদুপৰি সাক্ষাৎকালছোৱাত বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে শিৱসাগৰ সমষ্টিৰ বহুকেইটা বিষয় লৈ তেওঁ আলোচনা কৰে। শিৱসাগৰ সমষ্টি সন্দৰ্ভত আলোচনাত শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ কাৰণে প্ৰয়োজনীয় অধ্যয়নৰ বাবে ১ কোটি টকাৰ এক বিস্তৃত প্রতিবেদন মুখ্যমন্ত্ৰীৰ ওচৰত ইতিমধ্যে দাখিল কৰে। মুখ্যমন্ত্ৰীয়ে সেই পুঁজি দুই-এদিনতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মোকলাই দিয়াৰ নিশ্চিতি প্ৰদান কৰিছে। একেদৰে ৰংঘৰত লাইট এন্ড ছাউণ্ড ব্যৱস্থা কৰাৰ কাৰণে পর্যটন বিভাগক নির্দেশ দিছে আৰু শিৱসাগৰৰ সমবায় বিশ্ববিদ্যালয়ক সাধাৰণ বিশ্ববিদ্যালয়লৈ পৰিবৰ্তন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। যিসময়ত শিৱসাগৰৰ ঐতিহাসিক সমলোবোৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে বছৰ বছৰ ধৰি জিলাবাসীয়ে দাবী কৰি আহিছিল তেনে সময়তে মুখ্যমন্ত্ৰীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অধ্যয়নৰ বাবে জিলাখনলৈ এক কোটি টকা মুকলি কৰা ঘোষণাই জিলাখনলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।