মাৰ্ঘেৰিটা,২২ ছেপ্তেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ ৪১ টা তৈল খাদ ব্যক্তিগত খণ্ডৰ কোম্পানীক আবন্টন দিছিল। তেনে এটা খাদ অৱস্থিত তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ইনথেমত। বেদান্ত নামৰ তৈল খনন কোম্পানীটোৱে ছমাহে উক্ত স্থানত তৈল অনুসন্ধান আৰু খননৰ বাবে প্ৰাৰম্ভিক প্ৰস্ততি সম্পূৰ্ণ কৰিছে । কিন্তু কোম্পানীটোৱে শ্ৰম আইন ভংগ কৰি এই ছয়মাহে কৰ্মৰত শ্ৰমিক কৰ্মচাৰী সকলক দা দৰমহাৰ লগতে সকলোধৰণৰ ন্যায্য সা – সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অসমীয়াৰ চোতালখনন কৰি বহিৰাগত কোম্পানীয়ে লৈ গৈছে তেল – কিন্তু ইয়াৰ বিনিময়ত আমি অসমীয়াই কি পাইছো। পেঙেৰীৰ ইনথেমত তৈলখনন চলোৱা বেদান্ত নামৰ কোম্পানীটোৰ বিৰুদ্ধে এই ক্ষোভ উজালিলে এগৰাকী কৰ্মচাৰীয়ে । ২৫০০ টকা দৰমহাৰে খটুৱাই অহাৰ লগতে চিকিৎসা খোৱা আদি সকলো ক্ষেত্ৰতে চূড়ান্ত ভাৱে প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি কাম স্তব্ধ কৰি দিয়ে বুধবাৰৰ পৰা শ্ৰমিক- কৰ্মচাৰী সকলে । শ্ৰমিক – কৰ্মচাৰীসকলে ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকালৈকে তৈল প্ৰতিষ্ঠানটোৰ সকলো কাম – কাজ স্তব্ধ কৰি ৰখাৰ কথা স্পষ্ট কৰি দিয়ে।
