গুৱাহাটী,২২ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীসকললৈ ‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ জৰিয়তে বছৰি ৫ লাখ টকা পৰ্যন্ত  চিকিৎসা সেৱাৰ সুবিধা আগবঢ়োৱাৰ বাবে বিশেষ উদ্যোগ লৈছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত স্বাস্থ্য বিভাগে ৰাজ্যৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰী পৰিয়ালসমূহক অতি শীঘ্ৰে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত আজি দিছপুৰত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালকৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, আয়ুক্ত সচিব তথা অটল অমৃত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ সিদ্ধাৰ্থ সিং, এন এইচ এমৰ ৰাজ্যিক সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক কৃষ্ণা বৰুৱা, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) তথা অটল অমৃত অভিযান সমিতিৰ উপ মুখ্য কাৰ্যবাহী বিষয়া কমলজিত তালুকদাৰ আৰু এন এইচ এমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে অংশগ্ৰহণ কৰা এই বৈঠকত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আঁচনিয়ে সামৰি লোৱা পৰিয়ালসমূহৰ বাবে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুতকৰণৰে জড়িত দিশসমূহকলৈ বিতং ভাৱে আলোচনা কৰা হয়। ইয়াৰ বাবে এন এফ এছ এৰ তথ্য-আধাৰৰ ব্যৱহাৰ, হিতাধিকাৰী পৰিয়ালৰ ঘৰে ঘৰে গৈ ই-কে ৱাই চি প্ৰক্ৰিয়া সম্পন্ন কৰি ক্ষিপ্ৰতাৰে আয়ুষ্মান কাৰ্ড প্ৰস্তুতকৰণ আৰু বিতৰণৰ কাৰ্য-পৰিকল্পনাৰ বিষয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শীৰ্ষ বিষয়াসকলৰ লগত পৰ্যালোচনা কৰে। এন এফ এছ এ হিতাধিকাৰী পৰিয়ালৰ ঘৰলৈ গৈ ই-কে ৱাই চি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰত এ এছ আৰ এল এমৰ জিলা আৰু উন্নয়ন খণ্ড স্তৰীয় গোটসমূহৰ সহযোগিতা গ্ৰহণৰ বিষয়েও চৰ্চা কৰা হয়। উল্লেখ্য যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰী পৰিয়ালসমূহৰ বাবে আয়ুষ্মান ভাৰত কাৰ্ড উপলব্ধ কৰা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী মহন্তই বুধবাৰে নিশাও গুৱাহাটীৰ ছয়মাইলস্থিত অটল অমৃত অভিযান সমিতিৰ ৰাজ্যিক কাৰ্যালয়ত বিভাগীয় বিষয়াসকলৰ সৈতে আন এখন বৈঠকত মিলিত হৈছিল।