গুৱাহাটী,২২ ছেপ্টেম্বৰঃ অভাৱনীয় হাৰত বৃদ্ধি পোৱা বিদ্যুৎ মাচুলক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি আছুৰ এটা প্ৰতিনিধি দলে এ পি ডি চি এলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰক সাক্ষাৎ কৰে। বিদ্যুতৰ মাচুল বৃদ্ধি প্ৰসংগত ৰাকেশ কুমাৰৰ সৈতে আলোচনাত মিলিত হয় আছুৰ প্ৰতিনিধি দলটো। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে বিসংগতি হোৱাৰ কথা স্বীকাৰ কৰিছে এ পি ডি চি এল কৰ্তৃপক্ষই। যাৰবাবে বিষয়টো সন্দৰ্ভত আছুৱে তদন্ত বিচাৰে। তেওঁ জনোৱা মতে খেলিমেলি হোৱা বিল ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে এ পি ডি চি এলে। আনহাতে এ পি ডি চি এলৰ এটা দলে এই সমগ্ৰ বিষয়টো চোৱা-চিতা কৰি আছে৷ তেওঁ লগতে কয় যে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি কৰাটো বাতিল কৰাৰ বাবে আছুৱে কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে। ৰাজ্যখনৰ সকলো প্ৰান্তত ব্যাপক খেলিমেলি হৈছে। কোম্পানী সমূহে যোগান ধৰা স্মাৰ্ট মিটাৰ সমূহত বিসংগতি হৈছে। আছুৱে এই সমস্যাৰ শীঘ্ৰে সমাধানৰ দাবী জনায়। আনহাতে আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে কৰ্তৃপক্ষৰ ফালৰ পৰা কোম্পানীসমূহে গাফিলতি কৰাৰ বাবে শ্ব’কজ কৰা হৈছে। প্ৰতি ইউনিটত ৩০ পইছা বৃদ্ধি হোৱাটো যুক্তিসংগত নহয়। তেওঁ কয় যে বিদ্যুৎ বিলৰ বিসংগতি সন্দৰ্ভত সকলো দিশ তদাৰকৰ বাবে কৰ্তৃপক্ষই ৪০ গৰাকী উচ্চ পৰ্যায়ৰ বিষয়া নিয়োগ কৰিছে। অভিযোগ নিদিয়াকৈ সকলো সমস্যা সমাধানৰ আশ্বাস দিছে কৰ্তৃপক্ষই।এ পি ডি চি এলৰ জুলাইত ৭০৫ কোটি টকা ব্যয় হৈছে। আগষ্ট মাহত ৭৭০ কোটি টকা ব্যয় হৈছে এ পি ডি চি এলৰ। এই ৬৫ কোটি টকাৰ ঘাটি বাজেটৰ জোৰা মাৰিবলৈ ৩০ পইচা প্ৰতি ইউনিতত বৃদ্ধিৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই। কিন্তু এই সিদ্ধান্ত আছুৱে কেতিয়াও মানি নলয় বুলি তেওঁ কয়। আনহাতে ২৫ হাজাৰ স্মাৰ্ট মিটাৰ লগোৱা পূৰ্বাঞ্চল এন্টাৰপ্ৰাইজ নামৰ কোম্পানীক শ্ব’কজ কৰা হৈছে। এই কোম্পানী সমূহে অধিক খেলিমেলি কৰাৰ বাবে শ্ব’কজ দিয়া হৈছে। ঘাটি বাজেট ৰাইজৰ পৰা উঠাব নোৱাৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। ইফালে ৰাইজক মাধমাৰ শোধাই বিদ্যুতৰ বিল বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে এ পি ডি চি এলৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ছাত্র সন্থাই।