গুৱাহাটী,২৪ ছেপ্টেম্বৰঃ দেওবাৰে মহালয়া। আৰম্ভ হ’ব দেৱীপক্ষ। মৰ্ত্যলৈ আহিব মহিষমৰ্দিনী দেৱী দুৰ্গা। প্ৰবাদ মতে মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় আৰু পুৱাৰ পবিত্ৰ বতাহ জাকে শৰীৰ-মন-আত্মা সুস্থ কৰে। আনকি মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ লাভ কৰে বুলিও বিশ্বাস কৰা হয় ৷ সাধাৰণৰ ৰাইজৰ বাবে মহালয়া দুৰ্গা পূজাৰ আৰম্ভণি হ’লেও জ্যোতিষ শাস্ত্ৰত ইয়াৰ আছে অন্য তাৎপৰ্য ৷ দেৱী দুর্গাৰ আগমণ আৰু গমন ওপৰত ভিত্তি কৰিয়েই হিন্দু ধর্মৰ লোকসকলে বিশ্বাস কৰি আহিছে দেশৰ পৰৱৰ্তী কাল। জ্যোতিষ শাস্ত্ৰ অনুসৰি মহালয়া হ’ল পিতৃ পক্ষৰ সমাপ্তি আৰু দেৱী পক্ষৰ আৰম্ভণি। এই দিনটোত বহুলোকে তেওঁলোকৰ পূৰ্ব পুৰুষসকলক শ্ৰদ্ধাঞ্জলি তথা তৰ্পণ কৰে । তৰ্পণৰ অৰ্থ হৈছে সন্তুষ্ট কৰা । পূৰ্ব পুৰুষক তৰ্পন কৰিলে পূৰ্ব পুৰুষে মুক্তি লাভ কৰে বুলি জনবিশ্বাস আছে। বিগত প্ৰায় দুটা বছৰে কৰ’ণা মহামাৰীৰ ফলত তৰ্পণ মুক্ত মনেৰে বা মুক্তভাৱে কৰাটো সম্ভৱ নাছিল ৷ কিন্তু বৰ্তমান পূৰ্বৰ কৰ’ণা পৰিস্থিতি নাই। আনহাতে প্ৰবাদ অনুসৰি মহালয়াৰ দিনটোত ভগৱান ৰামচন্দ্ৰই তেওঁৰ পূৰ্ব পুৰুষসকলক তৰ্পণ আগবঢ়াইছিল। যাৰ ফলতে পূৰ্ব পুৰুষৰ কৃপা দৃষ্টি তেওঁ লাভ কৰিছিল বুলি মান্যতা আছে ৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি এইবাৰ অৰ্থাৎ ২০২২ বৰ্ষত মহালয়া শনিবাৰে নিশা ২.৫৫ মিনিট ৩৯ ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব । এই মহালয়াৰ শুভ ক্ষণ ২৫ ছেপ্টেম্বৰৰ পুৱতি নিশা ৩.২৪ মিনিট ১৭ ছেকেণ্ডলৈকে থাকিব। আনহাতে হিন্দু পৌৰাণিক কাহিনী অনুসৰি বিশ্বাস কৰা হয় যে মহালয়াৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল । মহালয়াই নৱৰাত্ৰিৰ আৰম্ভণিক চিহ্নিত কৰে বুলি বিশ্বাস আছে ৷ যাক মা দুৰ্গাৰ নামত উৎসৰ্গিত কৰা হয় । এই দিনকেইটাত ভক্তসকলে ৯ দিন উপবাসে থাকি মা দুৰ্গাৰ নটা ৰূপৰ পূজা কৰে। ভাৰতৰ কিছু ঠাইত ভক্তসকলে নৱৰাত্ৰিৰ সময়ত অষ্টম আৰু নৱম দিনা কন্যা পূজা কৰে । এই অনুষ্ঠানটোত মুখ্যতঃ ৯ গৰাকী ছোৱালীৰ উপাসনা কৰে । এই ৯ গৰাকী ছোৱালীয়ে দেৱী দুৰ্গাৰ নটা ৰূপক প্ৰতিনিধিত্ব কৰে। মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয়। মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে। ইফালে এই মহালয়াৰ আৰম্ভণিৰ সময়তে মৃণ্ময় শিল্পীসকলেও নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুৰ ৰং কৰাৰ আৰম্ভ কৰে। অৰ্থাৎ দেৱী দুৰ্গাই জাগ্ৰত ৰূপ পাই বুলি বিশ্বাস আছে ৷