নিউজ ডেক্স,২৪ ছেপ্টেম্বৰঃ তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাই চীনক সেই দেশখনৰ ৰাজনৈতিক স্থিতিৰ বাবে চোকা সমালোচনা কৰিছে। তেওঁ কয় যে তেওঁ চীনৰ দৰে এখন ‘কৃত্রিম’ দেশত মৃত্যুবৰণ কৰাতকৈ মুক্ত আৰু স্বাধীন গণতান্ত্রিক দেশ ভাৰততে মৃত্যুবৰণ কৰিবলৈ ভাল পাব। ধৰ্মশালাত ইউনাইটেড ষ্টেটছ ইনষ্টিটিউট অব পীচ’-এ (ইউ এছ আই পি) আয়োজন কৰা অনুষ্ঠানত এদল ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰোতে তেওঁ এই কথা সদৰি কৰে। তিব্বতৰ নিৰ্বাসিত আধ্যাত্মিক নেতাজনে ১৩খন দেশৰ ২৪গৰাকী যুৱ পীচবিস্তাৰৰ সৈতে আলোচনা আৰু মত বিনিময় কৰিছিল। তেওঁ কেনেকৈ আৰু কিয় তিব্বতৰ পৰা পলাই আহিল সেই কথা ব্যাখ্যা কৰি তেওঁ কয় যে মোৰ সম্প্রদায়টো আৰু মোৰ নিজৰ জীৱনৰ প্ৰতি বিপদ আছিল। ভাৰতত এজন শৰণাৰ্থী হিচাপে বেছি সুখী বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ সৈতে আমাৰ দীঘলীয়া ইতিহাস আছে আৰু মই ভাৰত চৰকাৰৰ এজন বিনম্র অতিথি। গণতন্ত্ৰ আৰু সমতাৰ বাবে দেশবোৰে যুঁজ দিয়াৰ প্ৰয়োজনীয়তাত গুৰুত্ব দি দালাই লামাই কয় যে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙক মই কৈছিলোঁ যে মই আৰু ১৫-২০ বছৰ জীয়াই থাকিম, মই ভাৰতত মৃত্যুবৰণ কৰিবলৈ ভাল পাম। ভাৰতক মানুহে আগুৰি আছে, যিসকলে প্রেম দেখুৱায়, কৃত্রিমতা নাই। চীনৰ বিষয়াসকল ঘেৰি থকা অৱস্থাত যদি মোৰ মৃত্যু হয়, তেন্তে বৰ বেছি কৃত্ৰিম হ’ব। মুক্ত গণতন্ত্ৰৰ দেশ ভাৰততে মৃত্যুবৰণ কৰিবলৈ মই ভাল পাম বুলি তেওঁ কয়।