গুৱাহাটী, ২ছেপ্তেম্বৰঃ বৰ্তমান সময়ত সৰ্বতে মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি। সকলোৰে মাজত আনন্দ উৎসাহ উদ্দিপনা । সেই সময়তে আজি মহালয়াই পৃথিৱীলৈ শুভ আগমন জনালে মা দুৰ্গাক । শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত। স্মৃতি ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গানৰ। শৰৎ এক মিঠা আলোড়নৰ। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই কাতিৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমন।শৰৎ আৰু শেৱালীৰ দুয়োৰ যেন এক মধুৰ সম্পৰ্ক। শৰতৰ আগমনত সকলোৰে মন মতলীয়া। আনন্দত সকলো আপোন পাহৰা। সৃষ্টিত এক নতুন উদ্যম দি এক স্মৰণীয় ক্ষণ। শাৰদী ৰাণীক আদৰিবলৈ সকলো সাজু হৈছে এই ধৰা।