নিউজ ডেক্স ঃভাৰতত আনুষ্ঠানিকভাৱে মুকলি হ’বলৈ গৈ আছে 5G প্ৰযুক্তি।অক্টোবৰৰ প্ৰথম সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত মুকলি কৰিব এই অত্যাধুনিক মোবাইল প্ৰযুক্তি।এই তথ্য প্ৰদান কৰিছে ‘ৰাষ্ট্ৰীয় ব্ৰডবেণ্ড মিছন’য়ে।কেন্দ্ৰীয় চৰকাৰে অতি কম সময়ৰ ভিতৰতে দেশৰ ৮০ শতাংশ লোকক ৫জি সেৱা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। জানিব পৰা মতে, বিভিন্ন দেশে ৫জি সেৱাৰ ৪০ৰ পৰা ৫০ শতাংশত উপনীত হ’বলৈ বহু সময় লাগিছে। চৰকাৰে অতি কম সময়ৰ ভিতৰতে ৮০ শতাংশ লোকক এই সেৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।টেলিকম খণ্ডৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে 5G প্ৰযুক্তি ভাৰতৰ বাবে যথেষ্ট লাভজনক বুলি প্ৰমাণিত হ’ব। ২০২৩ চনৰ পৰা ২০৪০ চনৰ ভিতৰত কেৱল 5G প্ৰযুক্তিয়ে ভাৰতৰ অৰ্থনীতিত প্ৰায় ৫০ কোটি ডলাৰ যোগ কৰিব।