লখিমপুৰ, , ২৪ ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ ঘন চৰাইত সোৱণশিৰি নদীয়ে প্রচণ্ড গৰাখহনীয়াৰ সৃষ্টি কৰাত অঞ্চলটোত তীব্র আতংকৰ সৃষ্টি হৈছে। বিশেষকৈ সোৱণশিৰি নদীৰ ভয়াবহ ঢলে লখিমপুৰ চহৰৰ নিকটৱৰ্তী ঘন চৰাইত ভীমপৰা মথাউৰিত সোৱণশিৰি নদীয়ে পছন্দ জোৰত খুন্দা মৰাৰ ফলত মথাউৰিটো বৃহৎ অংশ ভয়াবহ খহনীয়াৰ কবলত পৰিছে আৰু যিকোনো মুহুর্ততে মথাউৰিটো বিছিন্ন কৰাৰ আশংকা ঘনীভূত হৈ পৰিছে। ফলত নিশ্চিত বানৰ আশংকাত ইতিমধ্যে উক্ত স্থানত জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে কাম চলাই থকাৰ বিপৰীতে লখিমপুৰ প্ৰশাসন সষ্টম হৈ পৰিছে। উল্লেখ্য যে অৰুণাচল পাহাৰত হৈ থকা বৃষ্টিপাত সোৱণশিৰি জলধাৰা তীব্ৰ গতিৰে প্ৰকল্পৰ নিৰ্মীয়মান বান্ধৰ ওপৰেৰে বাগৰি আহি লখিমপুৰৰ নামনিত আতংক সৃষ্টি কৰিছে। উক্ত ঢলে লখিমপুৰ জিলাৰ তেলাহী মৌজাক ৰক্ষা কৰা ভীমপৰা মথাউৰিৰ ঘনচৰাইত এটা বৃহৎ অংশ খহাই নিয়াৰ ফলত সমগ্ৰ অঞ্চলটোলৈ তীব্ৰ ভাবুকি নামি আহিছে। ফলত যিকোনো মুহুর্ততে মথাউৰি অৱশিষ্ট অংশটো ভিত্তি পৰাৰ আশংকা পৰিস্ফুট হৈ পৰিছে। উল্লেখ্য যে ঘনচৰাইত সোৱণশিৰি নদীয়ে মথাউৰি ছিঙিলে তেলাহী মৌজাৰ শতাধিক গাঁও বানত বুৰ যোৱাতো নিশ্চিত। অবশ্যে মথাউৰিটো ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগে চেষ্টা অব্যাহত ৰখাৰ লগতে যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ লখিমপুৰ জিলা প্রশাসনে বাহিনীক সক্ষম কৰি ৰাখিছে। উল্লেখ্য যে সোৱণশিৰি নদীয়ে ঘনচৰাইত মথাউৰি বিছিন্ন কৰিবলৈ আৰু মাত্ৰ কেইমিটাৰমান হে বাকী আছে। ফলত সমগ্ৰ অঞ্চলটোত বানৰ আশংকাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বহুতে ইতিমধ্যে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। উল্লেখযোগ্য যে বিগত সময়ত ভীমপৰা মথাউৰি সুৰক্ষা নামত জলসম্পদ বিভাগে খহনীয়া প্রতিৰোধৰ উদ্দেশ্যে প্রায় ১০ কোটি টকাৰ আঁচনি গ্রহণ কৰিছিল যদিও চৰকাৰী উক্ত প্রতিৰোধ আচনিৰ নামত ফুটুকাৰ ফেন হোৱাৰ বাহিৰে আন একো নহল যাৰ বাবে ৰাইজ বানৰ কবলত পৰাৰ সম্ভাৱনাহে আহি পৰিছে। এই সন্দৰ্ভত আজি সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জীবন ৰাজখোৱা আৰু জিলা নিবনুৱা সন্থাই তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি ১০ কোটি টকীয়া খহনীয়া প্রতিৰোধ আঁচনিৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি ইয়াৰ তদন্তৰ দাবী তুলিছে ।