শিৱসাগৰ, ২৫ ছেপ্তেম্বৰঃশিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি জিলাখনৰ নাজিৰা মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে আৰু সীমান্তৱৰ্তী কেইবাটাও বি.অ’.পি. পৰিদৰ্শন কৰাৰ লগতে স্থলভিত্তিক পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তই নাগালেণ্ডৰ মন জিলাৰ সীমান্তৱৰ্তীত নৱনিৰ্মিত উজনি নামচাই বি.অ’.পি. আৰু লংলেং জিলাৰ সীমান্তৱৰ্তী লখিমিজান আৰু মুগাপাৰাৰ দৰে অন্যান্য পুৰণি বি.অ’.পি.সমূহ পৰিদৰ্শন কৰে।জিলা উপায়ুক্তই নাজিৰাৰ চন্টক আৰ্মি কেম্পত কিছুমান উন্নয়নমূলক কাম-কাজো পৰিদৰ্শন কৰে।উপায়ুক্ত গৰাকীক তেখেতৰ পৰিদৰ্শন কালত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা , অতিৰিক্ত উপায়ুক্ত (ৰাজহ) বিতোপন নেওগ ,নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, বন সংমণ্ডল বিষয়া, লোকনিৰ্মান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলে সংগ দিয়ে।
