টীয়ক, ২৫ ছেপ্তেম্বৰঃ সমগ্ৰ ৰাজ্যতে সোপাধৰাকলৈ সৃষ্টি হোৱা আতংকৰ মাজতে আজি পুৱা টীয়কৰ উমাবাৰী চাহ বাগিছাৰ খেৰনী অঞ্চলত টীয়কৰ কাকজান মৰিয়াগাঁৱৰ কেইবাজনো ফেৰীৱালাক ৰাইজে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিবপৰা মতে আজি পুৱা আন দিনৰ দৰে এইসকল ফেৰীৱালাই বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে সেই পথে কেইবাখনো গাড়ীসহ যাত্ৰা কৰোতে সোপাধৰাৰ সন্দেহত স্থানীয় একাংশ আতংকিত ৰাইজে ব্যৱসায়ীকেইজনক প্ৰথমে সোধাপোচা কৰে আৰু পৰৱৰ্ত্তী সময়ত উত্তেজিত হৈ ব্যৱসায়ীকেইজনে নিজৰ পৰিচয় পত্ৰ দেখুৱাৰ পাছত প্ৰাণে মৰা ভাবুকি দিয়ে আৰু নিজকে গাঁওৰক্ষী বাহিনীৰ সদস্য বুলি চিনাকি দি পৰিচয় পত্ৰ ভাঘি ছিঙি পেলাই আৰু মাৰধৰ কৰিবলৈ আগবাঢ়ি আহে যদিও কোনোমতে ব্যৱসায়ীকেইজন পলাই আহি টীয়ক আৰক্ষী থানাত উপস্থিত হৈ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে। লগতে এই ক্ষেত্ৰত অনতি পলমে উচিত ব্যৱস্থা গ্ৰহণ কৰি এইসকল যুৱকক কাম কৰি পৰিয়াল পোহপাল দিয়াত সহায়ৰ হাত আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।