গৌৰীপুৰ, ২৬ ছেপ্টেম্বৰঃগ্ৰামাঞ্চলৰ সৰল সহজ লোকক অধিক মুনাফা আদায় দিয়াৰ প্ৰলোভনেৰে হেজাৰ হেজাৰ টকা সংগ্ৰহ কৰি উধাও হোৱা পশ্চিম বংগৰ এটা মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।অভিযোগ অনুসৰি, পশ্চিমবঙ্গৰ GBC Enterprise ltd নামৰ এটা মাইক্ৰ ফাইনেঞ্চ কোম্পানীয়ে সাধাৰণ বেংকৰ দৰে অঞ্চলটোৰ শ শ লোকৰ পৰা ৰেকাৰিং আৰু ফিক্সড ডিপোজিডৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিছিল।কিন্তু ইতিমধ্যে আমানতৰ ধন ঘূৰাই পোৱাৰ সময় উকলিছে।যাৰ বাবে স্থানীয় এজেণ্ট ময়নাল হকৰ পৰা আমানতৰ ধন বিচাৰি হূলস্থলীয়া পৰিবেশৰ সৃষ্টি কৰে স্থানীয় ৰাইজে।আনহাতে,গাঁওখনৰ মোজাম্মেল হকৰ এখন ট্ৰেক্টৰ ভুৱা চহীৰে বন্ধকত ৰখা বুলি দাবী কৰিছে মাইক্ৰ ফাইনেন্সৰ এজেণ্ট ময়নাল হকে।ঘটনা সন্দৰ্ভত ভুক্তভোগী মোজাম্মেল হকে এজেণ্ট ময়নাল হকৰ জালিয়াতিৰ বিৰুদ্ধে আজি গৌৰীপুৰৰ ডাউভাঙ্গী আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে।
