মাৰ্ঘেৰিটা ২৬ ছেপ্তেম্বৰঃমাৰ্ঘেৰিটা পৌৰসভাৰ অন্তৰ্গত বিভিন্ন স্থানত থকা ভগ্নপ্ৰায় কলভাট, বিধস্ত বাট-পথে উদঙাই দেখুৱাইছে মাৰ্ঘেৰিটা পৌৰসভাৰ উন্নয়নৰ নমূনা।বাকী অঞ্চলৰ কথা বাদেই দিলোঁ। মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ কাষতে বাট-পথৰ এনে বিধস্ত ৰূপ। মাৰ্ঘেৰিটা পৌৰসভাৰ ৫ মং বাৰ্ডৰ অন্তৰ্গত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় হৈ মাছেগাঁও সংযোগী পথছোৱা মাজত থকা দুটা কালভাৰ্ট দেখিলে আপোনাৰ বুকু কপি উঠিব। কালভাৰ্টৰ পকী বেৰ ভাঙি খহি পৰা লগতে পথটো এটা অংশ খহি পৰিছে। যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ সংঘটিত হোৱা আশংকা স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজৰ অভিযোগ যে নৱনিৰ্বাচিত মাৰ্ঘেৰিটা পৌৰপতি আনন্দ শৰ্মাৰ লগতে ৫ নং বাৰ্ডৰ বাৰ্ড কমিছনাৰ ভীম কৰ্মকাৰক বিষয়টো সন্দৰ্ভত বাৰম্বাৰ অভিযোগ দিয়া পিছতো দুয়োজনে কিন্তু বিষটো গুৰুত্ব সহকাৰে নোলোৱা।আনহাতে ৫ নং বাৰ্ড ৰে অন্তৰ্গত ২নং লাজুম নামঘৰৰ পথটোৰ অৱস্থাও তেনেই পুতৌ লগা।মুঠৰ ওপৰত বাট-পথৰ দুৰৱস্থাই সৰ্বসাধাৰণ ৰাইজক ভীষন জলা-কলা খুৱাইছে।স্থানীয় ৰাইজৰ কাতৰ অনুৰোধ মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মালৈ– অতি শীঘ্ৰে মাৰ্ঘেৰিটা-মাছেগাঁও সংযোগী পথছোৱা মাজত থকা বিধস্তপ্ৰায় কালভাৰ্ট দুটা অতি শীৰ্ঘ্ৰে মেৰামেতি কৰি যাতায়তৰ উপযোগী কৰি তোলাৰ লগতে লাজুম নামঘৰৰ পথছোৱা নিৰ্মাণ কৰি দিবলৈ।