শিৱসাগৰ, ২৬ ছেপ্তেম্বৰঃঅসমত চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধিক তৎপৰতাই ৰাজ্যখনত চলি থকা দুৰ্নীতি,ছিণ্ডিকেট, ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক অহৰ্নিশে ব্যস্ত হৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তথা নিঃস্বাৰ্থভাৱে নিজৰ দায়িত্ব পালন কৰি অপৰাধী চক্ৰক নাকী লগাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশ জাৰি কৰাৰ সময়তে গো-সুৰক্ষা আইনক চৰম ভেঙুচালি কৰি একাংশ পশুধন ব্যৱসায়ীয়ে বহিঃজিলাৰ পৰা অবৈধভাৱে পশুধন সৰবৰাহ কৰি গো-সুৰক্ষা আইনখনৰ প্ৰট’কল ভংগ কৰি হাজাৰ হাজাৰ পশুধন (গৰু) অতি সংগোপনে সৰবৰাহ কৰাৰ পিছতো গা লৰাব পৰা নাই দিচাংমুখ আৰক্ষী চকী আৰু জিলা প্ৰশাসনক। উল্লেখ্য যে গো-সুৰক্ষা আইনখনৰ জৰিয়তে আন্তঃজিলাত পশুধনৰ ব্যৱসায় চলি থাকিবলৈ কিছু নীতি নিদেৰ্শনা জৰিয়তে শিথিলতা প্ৰদান কৰিছে যদিও একাংশ আৰক্ষীক মেনেজ কৰি একাংশ পশুধন ব্যৱসায়ীয়ে গো-সুৰক্ষা আইনখনক ইতিংকিত কৰি দিন-দুপৰতে মাজুলীৰ পৰা দিচাং চাপৰিয়েদি দিচাংমুখলৈ পশুধন সৰবৰাহ কৰিবলৈ সাহস পাইছে। মুখ্যমন্ত্ৰী নিদেৰ্শক ভেঙুচালি কৰি একাংশ আৰক্ষীৰ কৃপাত তথা আশীৰ্বাদত পশুধন সৰবৰাহকাৰীয়ে দিন- দুপৰতে লুইতৰ বুকুৰে যন্ত্ৰচালিত ফেৰীৰে শ -শ পশুধন মাজুলীৰ পৰা দিচাংমুখলৈ যোৱা এপেষক ধৰি আনি থকাৰ সময়তো দিচাংমুখ আৰক্ষী চকীয়ে নজনাটো গভীৰ ৰহস্য মাজত সোমাই পৰিছে। এক বিশেষ সূত্ৰে জানিব পৰা মতে একাংশ পশুধন ব্যৱসায়ীয়ে মাজুলীৰ পৰা পশুধন আনি দিচাং ধাই আলি গাঁও পঞ্চায়তৰ অধীনত থকা এডোখৰ নিদিষ্ট ঠাইত জমা ৰাখে। কেইজনমান প্ৰভাৱশালী ব্যক্তিয়ে প্ৰতিটো গৰুৰ পৰা মোটা অংকৰ কমিছন সংগ্ৰহ কৰি পশুধন সৰবৰাহৰ অনুজ্ঞাপত্ৰ থকা আৰু নথকা গাড়ীৰ জৰিয়তে দৈনিক শ-শ গৰু উক্ত পঞ্চায়তৰ কেইবাটাও ঠাইৰ পৰা হালোটিঙলৈ প্ৰেৰণ কৰে।তদুপৰি উক্ত পশুধনবোৰ এচাম প্ৰভাৱশালী ব্যক্তিৰ আশীৰ্বাদত হালোটিঙৰ পৰা নগালেণ্ডলৈ প্ৰেৰণ কৰি থকাৰ পিছতো শিৱসাগৰ আৰক্ষী অধীক্ষকজন নিমাত হোৱাতো ৰহস্য বিষয় হৈ পৰিছে। যিসময়ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নিদেৰ্শত যুৱ প্ৰজন্মক ধ্বংসৰ দিশলৈ নিয়া ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে তেনে সময়ত আৰক্ষী পোছাকযোৰ জনমানসত হেয় প্ৰতিপন্ন কৰি গো-সুৰক্ষা আইনৰ প্ৰট’কল অমান্য কৰি লুইতৰ বুকুৱেদি ফেৰীৰ সহায়ত মাজুলী পৰা দিচাংমুখৰ বিভিন্ন প্ৰান্তলৈ অবৈধ পশুধন সৰবৰাহ কৰিবলৈ উদ্গনি প্ৰদান কৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয় ৰূপে চিহ্নিত হৈছে।ৰাজ্যখনৰ ভিতৰত অবৈধ পশুধন সৰবৰাহ কৰা হটস্পট ৰূপে চিহ্নিত হৈছে। শিৱসাগৰ জিলাত পশুধন সৰবৰাহ দুষ্ট চক্ৰৰ বিৰুদ্ধে সময়ে সময়ে চৰকাৰখনৰ মুখ্যমন্ত্ৰী নিদেৰ্শত আৰক্ষীয়ে কঠোৰ হৈ গো-মাফিয়াক জেললৈ প্ৰেৰণ কৰা লগতে চোৰাং গৰু সৰবৰাহ চক্ৰক নাকী লগাবলৈ সফলতাৰে অভিযান চলাইছে তেনে সময়ত মাজুলীৰ মষ্ট মাইণ্ড কেইজনমান গো-মাফিয়া চক্ৰৰ লগত মিলি উক্ত পঞ্চায়ত দুখন মানৰ কেইজনমান পশুধন ব্যৱসায়ীয়ে কাৰোলৈকে কেৰেপ নকৰি দৈনিক শ-শ পশুধন জিলাখনৰ পৰা নগালেণ্ডলৈ পশুধন অবৈধ ব্যৱসায় চলি থকাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী-প্ৰশাসন।। যিসময়ত স্বয়ং মুখ্যমন্ত্ৰীয়ে গো-সুৰক্ষা আইনখনৰ জৰিয়তে উক্ত ব্যৱসায়ত জড়িত থকা মাফিয়া চক্ৰক নাকী লগাবলৈ আৰক্ষীক কঠোৰ হ’বলৈ নিদেৰ্শ দিবলৈ আহ্বান জনোৱাৰ সময়তে শিৱসাগৰ জিলাৰ অন্তৰ্গত দিচাংমুখলৈ মাজুলীৰ পৰা উক্ত আইনখনৰ নিষেধাজ্ঞা উলংঘা কৰি দ্বিধাহীনভাৱে লুইতৰ বুকুৱেদি শ-শ পশুধন সৰবৰাহ কৰাৰ ঘটনাই জিলাখনত ভয়ংকৰ পৰিস্থিতৰ সৃষ্টি কৰিব। ইপিনে আইনখনক চৰম অংগুষ্ঠ প্ৰদৰ্শন কৰি মাজুলীৰ পৰা দিচাংমুখলৈ অবৈধভাৱে পশুধন সৰবৰাহ কৰা চক্ৰৰ নেতৃত্বত আছে উক্ত পঞ্চায়ত দুখনমানৰ কেইজনমান গো-মাফিয়া । অবৈধ পশুধনৰ ব্যৱসায়ৰ সন্দৰ্ভত নিৰ্ভীক ভাৱে বাতৰি প্ৰকাশ পোৱাৰ পিছতো আৰক্ষী-প্ৰশাসনে ধৃতৰাষ্ট ভূমিকা পালন কৰাত সৰ্বতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।উল্লেখ্য বহিঃজিলা যাতায়ত বন্ধ কৰাক বুঢ়া আঙুলী দেখুৱাই বৰপীৰা পাৰিবলৈ উঠি পৰি লগা দুষ্ট ব্যৱসায়ী চক্ৰটোৱে অবৈধ পশুধন সৰবৰাহ কৰি থকাৰ সময়ত বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চকুত পৰিবনে অবৈধ ছিণ্ডিকেট চলোৱা ব্যৱসায় চক্ৰৰ বিৰুদ্ধে? ৰাজ্যখনৰ পৰা ড্ৰাগ্ছ, কানি, জোৱা, অবৈধ পশুধন সৰবৰাহ কৰা অপৰাধী চক্ৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰক্ষীক তীব্ৰ অভিযান চলাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আহ্বান তথা অপৰাধমূলক চক্ৰৰ বিৰুদ্ধে সাহিকতাৰ পৰিচয়ৰে আৰক্ষী প্ৰশাসনক সজাগ আৰু সচেতনৰ জৰিয়তে অহৰহ চেষ্টা কৰা চৰকাৰখনে মাজুলী পৰা দিচাংমুখলৈ শ শ পশুধন সৰবৰাহ কৰি গো-সুৰক্ষা আইনখনক অংগুষ্ঠ প্ৰদৰ্শন কৰা ব্যৱসায় চক্ৰটোক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সৎ সাহস হ’বনে?
