বিজনীৰ ৮ নং গেজেনপুৰি জেৱাৰী প্ৰাথমিক বিদ্যালয়ত দুটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে চলাই তাণ্ডৱ বিদ্যাল়য়খনত ।খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰবেশ কৰি বিদ্যালয়খনৰ ৰান্ধনী ঘৰৰ বিভিন্ন সামগ্ৰী লণ্ড ভণ্ড কৰাৰ লগতে বিদ্যুতৰ তাঁৰ,পকী বেৰ আদি ভাঙি বিদ্যালয়খনৰ বিস্তৰ ক্ষতি সাধন কৰে ।বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে শিক্ষা বিভাগক অতি সোনকালে উক্ত বিদ্যালয় খনৰ ৰান্ধনী ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনোৱাৰ লগতে বন বিভাগক উক্ত অঞ্চলত হাতী প্ৰতিৰোধী চৰ্ত লাইন নিৰ্মান কৰি অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ অনুৰোধ জনায়।