তিনিচুকীয়া ২৯ ছেপ্টেম্বৰঃ বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ উচ্চতৰ মাধ্যমিকৰ তিনিটা শাখা থকা একমাত্ৰ বিদ্যালয়, গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী ফিল’বাৰী স্কুলত আজি নিশা চুৰে চলালে চাফাই অভিযান।চুৰে বিদ্যালয়ৰ পাছফালৰ পৰা উঠি বিদ্যালয়ৰ কাৰ্যালয়ৰ চিলিং ভাঙী প্ৰৱেশ কৰে ভিতৰত।চুৰৰ দলটোৱে বিদ্যালয়ৰ পৰা কম্পিউটাৰ দুটা,লেপটপ এটা,মনিটৰ এটা,চি চি টি ভি কেমেৰা চাৰিটা লৈ উধাও হয়।বিদ্যালয়টোত বিভিন্ন সময়ত দুষ্ট চক্ৰই বিদ্যালয়ৰ প্ৰৱেশ দুৱাৰ থকা বেনাৰ ফালি দিয়াৰ লগতে,বিদ্যালয়ৰ চি চি টি ভি আগতেও এবাৰ চুৰে নিয়া বুলি জানিব পৰা গৈছে।ফিল’বাৰী,বুঢ়ীদিহিং মৌজাত ব্যাপক ভাৱে ড্ৰাগছ,কানি ব্যৱহাৰ বৃদ্ধি হোৱাৰ বাবে চুৰি ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰি বিদ্যালয় কৰ্তৃপক্ষই।ড্ৰাগছ,কানিৰ ব্যৱসায় নিৰ্মূল কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ভাৱে ফিল’বাৰী আৰক্ষী থানা বিফল হৈছে ক্ষুভ উজাৰিছে বিদ্যালয় কৰ্তৃপক্ষই।চুৰি হোৱা সামগ্ৰিৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা বুলি জানিব দিছে।