জামুগুৰিহাট, ২ছেপ্তেম্বৰঃ চতিয়া সমষ্টিৰ অন্তৰ্গত ইটাখোলাত বিশ্বনাথ জিলা প্ৰশাসনে আজি পুৱাৰ পৰাই চলাই উচ্ছেদ অভিযান। ইটাখোলা ব্যৱসায়িক কেন্দ্ৰৰ মাজমজিয়াত একাংশ পকী দোকান গৃহৰ ওপৰত চলিছে এই উচ্ছেদ অভিযান । চৰকাৰী ভূমি বেদখল কৰি একাংশ বেপাৰীয়ে পকী দোকান গৃহ নিৰ্মাণ কৰি ব্যৱসায় কৰি অহাৰ পাছত অঞ্চলটোত দিকৰাই সপ্তাহিক বজাৰত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থলটো যানযতৰ সৃষ্টি হৈছিল। বিশ্বনাথ জিলা প্ৰশাসনে কেইবাবাৰু জাননী দিয়াৰ পাছতো ব্যৱসায়ী সকলে এইক্ষেত্ৰত গুৰুত্ব নিদিয়াত আজি জিলা প্ৰশাসনে জেচিবিৰ সহায়ত দোকান গৃহ সমূহ ভাঙি পেলাই। উচ্ছেদ অভিযানৰ সময়ত ইটাখোলাত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান নিয়োজিত কৰা হয় । দণ্ডাধীশ তথা নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশ দ্বীপ কাকতিৰ উপস্থিতিত বিশ্বনাথ জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান চলাই ।










