অভয়াপুৰী , ২৯ ছেপ্টেম্বৰ :দুৰ্গা পূজাৰ প্ৰাকক্ষণত যান- বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে আৰক্ষী তথা পৰিবহন বিভাগ । অভয়াপুৰীৰ বিভিন্ন স্থানত আৰক্ষীৰ সহযোগত বঙাইগাঁও পৰিবহণ বিভাগে এক যুটীয়া অভিযান চলাই আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে।বিভিন্ন গৰাকী মটৰচাইকেলৰ চালক তথা আৰোহীয়ে হেলমেট পৰিধান নকৰাৰ বাবে আৰু চাৰিচকীয়া বাহনত চিটবেল্ট নলগোৱাৰ বাবে জৰিমণা বিহিব লগা হৈছে । ৰাইজক আইন ভংগ কৰি আৰু মদ্যপান কৰি গাড়ী নচলাবলৈ আহ্বান জনায় বঙাইগাঁও পৰিবহণ বিভাগৰ বিষয়াই । আনকি গাড়ী মটৰ চাইকেল নিম্নতম গতিৰে চলাবলৈও অনুৰোধ কৰে পৰিবহন বিষয়া চিত্ৰ কুমাৰ নাথে । দুৰ্গা পূজাৰ প্ৰাক ক্ষণত দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহণ বিভাগ তথা আৰক্ষীয়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে বঙাইগাঁও পৰিবহণ বিভাগৰ বিষয়াই । দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহণ বিভাগ তথা আৰক্ষীয়ে লোৱা এই কঠোৰ পদক্ষেপক প্ৰশংসাৰে উপচাই পেলাইছে এতিয়া সচেতন মহলে।