গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ অৱশেষত পূৰ্ণাংগ জামিন লাভ কৰিলে ভিক্টৰ দাসে। গোচৰৰ কেচ ডায়েৰী চাই গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে ভিক্টৰ দাসৰ পূৰ্ণাংগ জামিন। কেচ ডায়েৰী চাই আৰক্ষীয়ে কোনো তথ্য নোপোৱা বুলি উল্লেখ কৰিলে ন্যায়ালয়ে। ভিক্টৰ দাসৰ বিৰুদ্ধে 153(A) ধাৰা প্ৰযোজ্য নহয় বুলি অধিবক্তাই দিয়া যুক্তিক ন্যায্যতা প্ৰদান কৰিলে ন্যায়ালয়ে। উল্লেখ যে পূৰ্বে ২৯ ছেপ্টেম্বৰ পৰ্যন্ত ন্যায়ালয়লে অন্তৱৰ্তী জামিন দিছিল ভিক্টৰ দাসক। উল্লেখ যে অসম চৰকাৰে আয়োজন কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে। এই সন্দৰ্ভত সামাজিক মাধ্যমত তেওঁ পোষ্ট দিছিল। ইয়াৰ পাছতে ৰাজ্যজোৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত গোচৰ ৰুজু কৰি পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক। কিন্তু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্ণাংগ জামিন প্ৰদান কৰে ভিক্টৰ দাসক।