মাৰ্ঘেৰিটা, ৩০ ছেপ্তেম্বৰঃ বহ ত্তৰ অসমীয়া সংস্কৃতি তথা জাতি গঠনৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰোধা, অতুলনীয় বুদ্ধিমত্বা আৰু সৃষ্টিশীল প্ৰতিভাৰ গৰাকী শঙ্কৰদেৱৰ বিশেষ অৱদান – নাট -ভাওনা । গুৰু দুজনাৰ অতুলনীয় সৃষ্টি এই নাট-ভাওনা অসমীয়া সংস্কৃতিৰ মনোৰম সম্পদসমূহৰ অন্যতমেই নহয়, সৰ্বোত্তম কীৰ্তি৷ বিগত বৰ্সসমূহৰ দৰে এইবছৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱ উপলক্ষে ৰাজ্যজুৰি মন্ঞ্চস্থ হ’ব নাট ভাওনা । তিনিচুকীয়া জিলাৰ লিডু কেন্দ্ৰীয় নামঘৰতো বিগত বৰ্ষসমূহৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱভাগি ৫ আৰু ৬ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । জন্মোৎসৱ উপলক্ষে ৬ অক্টোবৰত দিপাংকৰ শৰ্মাৰ পৰিচালনাত দস্যু ৰত্নাকৰৰ মুক্তি লাভ নাট ভাওঁনা খনি প্ৰদৰ্শন হ’ব । চেমনীয়া সকলে এই ভাওনা খনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিব ।কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৮ বজাত পতাকা উত্তোলন ,বন্তি প্ৰজ্বলনৰ পাছতেচিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । আনহাতে ৬ অক্টোবৰৰ দিনা পুৱা ১০ বজাৰ পৰা দিহানাম প্ৰতিযোগিতা ( মহিলা আৰু শিশুসকলৰ মাজত ) আৰু বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । বিয়লি অনুষ্ঠিত হ’বলগীয়া মুকলি সভা আৰু বটাঁবিতৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে বিধায়ক ভাস্কৰ শৰ্মাই অংশ ল’ব ।সন্ধিয়া চেমনীয়া সকলৰ দ্বাৰাদিপাংকৰ শৰ্মাৰ পৰিচালনাত দস্যু ৰত্নাকৰৰ মুক্তি লাভ নামৰ নাট ভাওনা মঞ্চস্থ হ’ব ।

Home অসম আৰু উত্তৰপূব ৰাজ্যত দূৰ্গোৎসৱৰ সমান্তৰাল ভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱৰ প্ৰস্তুতি