নাজিৰা, ৩০ ছেপ্টেম্বৰ :১ ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে চলি থকা পোষণ মাহৰ লগত সংগতি ৰাখি আজি অন্তিম দিনা মহকুমাধিপতি কাৰ্য্যালয়ত কৰ্মৰত মহিলা সকলৰ লগতে মহকুমাখনত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন কামৰ বাবে সন্তান সহ অহা মহিলা সকলৰ সুবিধাৰ্থে মহকুমাধিপতি কাৰ্য্যালয় প্ৰাংগণত আজি এক মাতৃ দুগ্ধপান কক্ষ মুকলি কৰা হয়।অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নাজিৰাৰ জেষ্ঠ অধিবক্তা মহেন্দ্ৰ ভূঞাই। লগতে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে মাতৃ দুগ্ধপান কক্ষটোৰ ফিটা কাটি আনুষ্ঠানিক ভাৱে মুকলি কৰে।নিজৰ শুভেচ্ছামূলক বক্তব্যত মহকুমাধিপতি গৰাকীয়ে নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিভাগৰ প্ৰত্যেক গৰাকী বিষয়া কৰ্মচাৰীক অভিনন্দন জ্ঞাপন কৰে। তেখেতে কয় যে কৰ্তব্যৰত মহিলা সকলৰ লগতে বিভিন্ন কামত মহকুমাধিপতি কাৰ্য্যালয়লৈ অহা মহিলা সকলৰ সুবিধাৰ্থে এই বিশেষ কক্ষটো মুকলি কৰা হৈছে।নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত তথা নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিভাগৰ সহযোগত আৰম্ভ হোৱা এই সেৱাৰ দ্বাৰা মহিলা সকলে সন্তানক স্তনপানকে আদি কৰি প্ৰয়োজনীয় পৰিচৰ্যা প্ৰদান কৰাৰ সুবিধা লাভ কৰাৰ লগতে তেওঁলোকৰ প্রাপ্য সন্মান আৰু মৰ্যাদা সুৰক্ষিত হ’ব।উক্ত অনুষ্ঠানত নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, নাজিৰা নিৰ্বাচনী বিষয়া অংশুলেখা দত্ত পাঠক, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া তৰুণ কুৰ্মী, জেষ্ঠ্য নাগৰিক সন্থাৰ সম্পাদক বিজয় বৰা, নাজিৰা মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকলৰ লগতে নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়ৰ সমূহ কৰ্মচাৰী সকল উপস্থিত থাকে।