লখিমপুৰ, ১ অক্টোবৰ : ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবেই ৰাজ্যৰ ৮৯০৪ গৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবেতনীক কৰ্মচাৰীৰ সম্প্ৰতি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিশেষকৈ ১০-১৫ বছবে বিনা বেতনেৰে “পানীয়েই প্রাণীৰ প্রাণ” বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ বাবে ভূমি দান কৰি একাংশ কর্মচাৰীয়ে অবৈতনিক ভাবে প্রতিখন আঁচনিত কৰ্মৰত হৈ কিছু সংখ্যকে ২০১৪-১৫ বৰ্ষৰ উপভোক্তা সমিতিৰ জৰিয়তে পাঁচ হাজাৰ টকাকৈ দৰমহা পাবলৈ সক্ষম হৈছিল যদিও লক্ষণীয় ভাবে ২০১৫ চনৰ এপ্ৰিল মাহৰ পৰা এই সকল কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য নোপোৱা হৈ পৰিল। এই সকল কর্মচাৰীয়ে তেওঁলোকৰ প্ৰাপ্যৰ দাবীত আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁলোকক তাচ্ছিল্য কৰাৰ লগতে “আন্দোলন কৰিলে জল মিত্ৰ সকলে চাকৰি হেৰুৱাব লাগিব বুলি হুমকী দিয়াক লৈ শেহতীয়াকৈ ক্ষুব্ধ হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনীক কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱ কুমাৰ শৰ্মা, সম্পাদক কিৰণ চেতিয়া , লখিমপুৰ জিলা সমিতিৰ সভাপতি নবজ্যোতি দাস, কার্যকৰি সভাপতি গোবিন বৰাই আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত বিভাগীয় মন্ত্ৰী গৰাকীৰ প্ৰতি তীব্র প্রত্যাহ্বান জনোৱাৰ লগতে সকীয়নী দি কয় আঁচনিসমূহত এটি চতুর্থ বৰ্গৰ চাকৰিৰ বাবেই দাতা সকলে ১০-১৫ বছৰৰ আগতেই ভূমি দান কৰিছিল বুলি কয় আৰু যি ভূমি বর্তমানেও ভূমিৰ গৰাকীয়ো ৰাজহ দি আছে। সেই ভূমি দান কৰি কৰ্মস্থানৰ বাট মোকোলোৱা সেইসকল কর্মচাৰীক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী গৰাকীয়ে তুচ্ছ তাচিলা কৰি চাকৰিৰ পৰা খেদাৰ হুংকাৰ দিয়া বিষয়টোত জাঙুৰ খাই উঠি আগন্তক সময়ত ব্যাপক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ লগতে দান কৰা ভূমিত স্থাপন কৰা আঁচনি সমূহৰ সা-সৰনজাম বাহিৰ কৰি দিয়াবো সকীয়নী দিছে। উল্লেখযোগ্য যে এইসকল কর্মচাৰীক চৰকাৰী ভাবে সময়ে সময়ে পাম্প চালক, ভলন্টিয়াৰ কেয়াৰ টেকাৰ, জলমিত্ৰ হিচাপে বিভাগীয় বিষয়াৰ স্বাক্ষৰ সম্বলীত উপস্থিতিৰ বহীত কৰ্মদিনৰ স্বাক্ষৰ কৰাৰ সুবিধা প্ৰদান কৰিছিল। ইয়াৰোপৰি পৰিচয় পত্ৰ প্ৰদান কৰি কভিড মহামাৰীৰ সময়ছোৱাত কতব্য পালন কৰিবলৈ বাধ্য কৰিছিল। কিন্তু এইসকল কৰ্মচাৰীৰ বিষয়ে বিশেষ একো নজনাকৈ বিভাগীয় মন্ত্ৰীয়ে তেওঁলোকৰ কাম কৰা আঁচনি সমূহত বিগত সময়ত ২ শতাংশ ৰাইজেহে পানী পাইছিল বুলি তাচ্ছিল্য কৰা কাৰ্যক সহজ ভাবে লোৱা নাই বেতন বিহীন ভাৱে কাম কৰা কৰ্মচাৰী সকলে। শেহতীয়াকে ৰাজ্য চৰকানে জে. জে. এন. আঁচনিত নতুনকৈ নিযুক্তি দিয়াৰ নামত এই সকল কৰ্মচাৰীক বঞ্চিত কৰিব বিছৰা কার্যত ক্ষুব্ধ হৈ পানী যোগান বন্ধৰ দৰে কাৰ্যসূচী ল’ব বুলি হুংকাৰ দি মন্ত্রী জয়ন্ত মল্লক দণ্ডালী মৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়নী দিয়ে। সংবাদমেল খনিত অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই অবৈতনীক কৰ্মচাৰীৰ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে মন্ত্রী জয়ন্ত মল্লক মুখ্য মন্ত্ৰীৰ নিকা ভাবমুর্তিক স্নান নকৰিবলৈ আহ্বান জনায়।