বঙাইগাঁও, ১ অক্টোবৰ ঃগুৱাহাটী উচ্চ ন্যায়ালয়ে যাবদ জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰা এনডিএফবিৰ মূৰব্বী ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়াৰ দাবী জনাইছে সদৌ বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চই । বঙাইগাঁও জিলাৰ মৌতাৰাত অৱস্থিত ৰৈমালী একাডেমী কলেজ(বি.এড)ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ সাধাৰণ সভাত এই দাবী উত্থাপন কৰে। উল্লেখ্য শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় এই সাধাৰণ সভা। এই সভাতে পদ্মশ্ৰী ড০ মংগলসিং হাজোৱাৰীক সভাপতি , ড০ দিনোনাথ বসুমতাৰীক কাৰ্যকৰী সভাপতি আৰু অমৰসিং ব্ৰহ্মক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ২৯ জনীয়াকৈ সদৌ বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ কেন্দ্ৰীয় কমিটি গঠন কৰা হয়। ইফালে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় বৃদ্ধ দিৱস উপলক্ষে তিনি গৰাকী বড়ো জেষ্ঠ্য নাগৰিক ক্ৰমে বিজনীৰ ছাতিয়ানগুৰীৰ অবেশ্বৰী বসুমতাৰী, পাণবাৰী ভাটোপাৰাৰ খগেন্দ্ৰ বসুমতাৰী আৰু বিজনীৰ ৩ নং ৱাৰ্ডৰ খৌতম বসুমতাৰীক সদৌ বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চই সম্বৰ্ধনা জ্ঞাপন কৰে।