গুৱাহাটী,১ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে গুৱাহাটীৰ ফাঁচীবজাৰ পাৰঘাটত অঘটন। চলন্ত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ যুৱতীৰ। এম ভি বুঢ়াদিয়া নামৰ ফেৰী খনৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিছিল যুৱতী গৰাকীয়ে। অচিনাক্ত যুৱতী গৰাকী বৰ্তমানেও নিখোজ হৈ আছে। বিয়লি ৪-৪৫ বজাত জাহাজখন উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটৰ পৰা ফাঁচীবজাৰ ঘাটলৈ গৈছিল। নৈত সন্ধানহীন হৈ থকা যুৱতী গৰাকীৰ এতিয়ালৈ পৰিচয় উদ্ধাৰ হোৱা নাই ।
