গোসাইগাঁও,১ অক্টোবৰঃশিমুলটাপু আৰক্ষীৰ অভিযানত ১৫ লাখ জাল নোট উদ্ধাৰ।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা ইণ্ডিয়ান ওৱেল পাম্পত অভিযান চলাই বুজন পৰিমাণৰ ৫০০ টকীয়া ক’লা নোট সহ নগদ ১৫ লাখ টকাৰ বাণ্ডিল উদ্ধাৰ কৰে। আৰক্ষীয়ে জালনোট সৰবৰাহ কাৰী ৰবিলাল লিম্বু নামৰ এজনক আটক কৰে।অসমৰ লক্ষীমপুৰৰ পৰা জালনোট খিনি চুবুৰীয়া ৰাজ্য ছিকিমলৈ লৈ গৈ আছিল।আটক হোৱা জালনোট সৰবৰাহ কাৰী জন নেবিৰ প্ৰাক্তন কৰ্মী। লোকজনৰ পৰা লক্ষীমপুৰৰ এল এক্স নামৰ এজন লোকে ৰবিলাল লিম্বুৰ পৰা তিনি লাখ পঞ্চাছ হাজাৰ টকা লৈ এই জালনোট খিনি দিয়ে।পেট্ৰলপাম্পত তেললৈ এই জালনোট দিয়াত ধৰা পৰে।পাছত পাম্পৰলোকে আৰক্ষীক খবৰ দিয়ে।শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে লোক জনক আটক কৰি শোধাপোছা অব্যাহত ৰাখিছে।
