সৰুপথাৰ, ২অক্টোবৰ ঃশাৰদীয় দুৰ্গোৎসৱৰ মাজতেই সৰুপথাৰত আৰক্ষীৰ বৃহৎ সফল্য । ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক । সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষী দলে গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত কাৰ্বি আংলংৰ পৰা সৰুপথাৰ অভিমুখে দুচকীয়া বাহনত দুই যুৱকে ড্ৰাগছ কঢ়িয়াই অনাৰ অৱস্থাত নগাজুৰি অঞ্চলৰ পৰা আটক কৰে ধৃত সৰবৰাহকাৰী । আটকাধীন দুই ধৃত সৰবৰাহকাৰী কেইটা হ’ল কৰৈগাঁৱৰ মাৰফট আলি আৰু আৰাজ আলী। ধৃতলোককেইজনৰ পৰা ৩৪.০৫ গ্ৰাম ড্ৰাগছসহ ৩ টা চাবোনৰ কেচৰ লগতে AS 05R 3683 নম্বৰৰ এখন স্কুটী জব্দ কৰে ।