নিউজ ডেক্স, ৪ অক্টোবৰ, ২০২২ঃ সদৌ অসম কবি সন্মিলনৰ প্ৰতিস্থাপক প্ৰধান সম্পাদক কবিপ্ৰাণ আনন্দ চন্দ্ৰ দত্তৰ নামত উৎসৰ্গিত সন্মিলনৰ ২০১৯-২০২২ বৰ্ষৰ ‘কবিপ্ৰাণ আনন্দ দত্ত কাব্য সন্মান’ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে । সদৌ অসম কবি সন্মিলনৰ সন্মানীয় নিৰ্বাচিত হিতৈষী সভ্য আৰু সক্ৰিয় নিৰ্বাচিত সদস্যক অহা ৭, ৮ আৰু ৯ অক্টোবৰ, ২০২২ তাৰিখৰ পৰা যোৰহাটৰ ড° কুতুবুদ্দিন আহমেদ ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া সদৌ অসম কবি সন্মিলৰ ষষ্টদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ যোৰহাট অধিৱেশনৰ অন্তিম দিনাৰ মুকলি সভাত এই সন্মান প্ৰদান কৰা হ’ব । এই বিশেষ সন্মান প্ৰাপকসকলৰ নাম হ’ল- বিতুপন গগৈ, গজেন মিলি, মনোজ কুমাৰ দেওৰজা, সুৱন সিং গাম,ডাঃ নৰেন কুটুম, ৰোস্তম গগৈ, মদাৰজ্যোতি, হেমন্ত ভাৰতী, ড° লখিমী গগৈ, কুন্তলা কল্যানী সন্দিকৈ, গিৰিজা শৰ্মা, উমেশ সোণোৱাল, পংকজ সভাপণ্ডিত, বাবলুপ্ৰসাদ বৰুৱা, বিপুল কুমাৰ দিহিঙ্গীয়া, অনিত শইকীয়া, দেৱজিত গোস্বামী, পলিমা চেতীয়া বসুমতাৰী, জিনতু ফুকন, হেমা চৌধুৰী গগৈ, উৰ্মিলা দলে, মিনতি দেৱী, ৰূপজ্যোতি হাজৰিকা, অশ্ৰুমণি ঘোষ, পুণ্যলতা গোহাঁই, মৃদুল কুমাৰ চহৰীয়া, প্ৰণামিকা শৰ্মা আৰু কৌস্তৱ খাউণ্ডক প্ৰদান কৰা হ’ব বুলি সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে ঘোষণা কৰিছে ।