টীয়ক,৫ অক্টোবৰঃউচ্চ-নীচ, জাতি-জনগোষ্ঠী, ভাষা-সংস্কৃতি, বিভিন্ন ধৰ্মীয় পন্থাৰ মাজত থকা বৈষম্যতা ত্যাগ কৰি সকলোৱে একেলগে জীৱন নিৰ্বাহ কৰা এখন শান্তিপূৰ্ণ সমাজ গঠন কৰাত শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ অৰিহণা অপৰিসীম। আজি মহাপুৰুষজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উপলক্ষত পুৱাই অসম নামঘৰ পীঠসমূহত বহু ভক্তৰ সমাগম পৰিলক্ষিত হৈছে।এই দৃশ্য টীয়কৰ ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনঘৰৰ। ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়েও আজি গুৰুজনাৰ জন্ম জয়ন্তীভাগি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে।পুৱা এক ভাগৱত ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিছে য’ত ঢেকীয়াখোৱাবাসী ৰাইজ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিছে। ইপিনে নামঘৰ প্ৰাংগণতে নামঘৰ পৰিচালনা সমিতিয়ে প্ৰতিষ্ঠা কৰা মাধৱদেৱ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গুৰুজনাৰ আমৰ সৃষ্টি বৰগীত, খোলবাদন তথা স্থানীয় ৰাইজৰ দিহানামৰ ধ্বনিৰে পৰিবেশ জীপাল কৰিছে। ইপিনে শোভাযাত্ৰাৰ পাছতে নামপ্ৰসংগ, পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শনৰ দিহা কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।