নিউজ ডেক্সঃ গৌৰীপুৰৰ ৪নং ৱাৰ্ডত এইবাৰ দুৰ্গা পূজাত দেখা গল ব্যতিক্ৰমী প্ৰতিমা। সম্পূৰ্ণ মুক্ততাৰে নিৰ্মাণ কৰি উলিওৱাইছে দেৱী দুৰ্গাৰ প্ৰতিমা। ৰাজ্যত আৰম্ভ হৈছে বিভিন্ন আটক ধুনীয়া পূজা মণ্ডপ নিৰ্মাণৰ প্ৰতিযোগিতা। পিছ পৰি থকা নাই গৌৰীপুৰ চহৰৰ ৪নং ৱাৰ্ডৰ সুভাষপুল্লী উত্তৰপাৰা সাৰ্বজনীন কমিটি নাৰী শক্তি সংঘৰ উদ্যোগত মহিলা সকলে মুক্তাতাৰে নিৰ্মাণ কৰি উলিয়াইছে মা দূর্গা ৰ প্ৰতিমা। এই পূজা মণ্ডপৰ মহিলা সকলে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় কয় যে আমি এইবাৰ মা দুৰ্গা প্ৰতিমা বিসৰ্জন নকৰিম । কিয়নো যদি অহা বছৰত কোনোবাই আমাৰ দুৰ্গা প্ৰতিমাটো ল’ব ইচ্ছা কৰে তেন্তে আমাৰ পৰা ল’ব পাৰে বুলি মন্তব্য আগবঢ়াই ।সাৰ্বজনীন নাৰী শক্তি সংঘৰ উদ্যোগত মহিলা সকলে এক লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে দেৱী প্ৰতিমাটো ।তাৰ কাৰণে বিসৰ্জ্জন নিদিয়ে দেৱী প্ৰতিমাটো।