হাটশিঙীমাৰী,৬ অক্টোবৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পুৰানদিয়াৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত তেলিপাৰা গাঁৱত এগৰাকী ৫৩ বছৰীয়া মহিলাৰ মৃত্যকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সোমবাৰে সন্ধিয়া কবৰস্থ কৰা হৈছিল নুৰিমা খাতুন নামৰ মহিলাগৰাকীৰ মৃতদেহ। কিন্তু মঙলবাৰ পুৱা তেলিপাৰা কবৰস্থানত উপস্থিত হয় মানকাচৰৰ আৰক্ষী-প্ৰসাশনৰ লোক। ঘটনাৰ বিবৰণী মতে মানকাচৰ থানাৰ অন্তৰ্গত পুৰানদিয়াৰা তেলিপাৰা গাওঁৰ ৫৩ বছৰীয়া নুৰিমা খাতুনে সোমবাৰে মৃত্যুবৰণ কৰিছিল। সন্ধিয়াৰ সময়ত নুৰিমা খাতুনৰ আত্মীয়ই ইছলাম ধৰ্মৰ ৰীতিনীতিৰে কবৰস্ত কৰিছিল মৃতদেহটো। কিন্তু মৃত নুৰিমা খাতুনৰ ভায়েকে নুৰিমা খাতুনৰ মৃত্যু অস্বাভাবিক বুলি সোমবাৰ ৰাতি মানকাচৰ থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত মঙলবাৰে পুৱা মানকাচৰ আৰক্ষীয়ে তেলিপাৰাস্থিত কবৰস্থানত উপস্থিত হৈ চক্ৰ বিষয়াৰ উপস্থিতিত কবৰ খান্দি মৃতদেহটো উলিয়াই মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে। এতিয়া প্ৰশ্ন হৈছে সঁচাকৈ মহিলা গৰাকীৰ মৃত্যু অস্বাভাৱিক আছিল নে। মৰনোত্তৰ পৰীক্ষাৰ পিছতহে উদঘাটন হ’ব প্ৰকৃত ঘটনা।