গুৱাহাটী,৫ অক্টোবৰঃ হাতীত উঠি সৰগৰ পৰা মৰতলৈ আগমন ঘটা দশভূজা দেৱী দুৰ্গাই আজি নাৱেৰে গমন কৰে। ষষ্ঠীৰ দিনা যুৰীয়া বেলেৰে বৰণ কৰি বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হয়। দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন পৰ্বৰ লগে লগে অন্ত পৰে মহাউৎসৱৰ পাৰভঙা আনন্দৰ। আজি ৰাজ্যজুৰি বিসৰ্জন দিয়া হৈছে দেৱী দুৰ্গাৰ প্ৰতিমাসমূহ। ভক্তগণে অশ্ৰুসিক্ত নয়ণেৰে বিদায় দিয়ে মা দুৰ্গাক। উল্লেখ যে ষষ্ঠীৰ পৰা মহা নৱমীলৈ দেৱীৰ আশীষ ল’বলৈ ভক্তসকলে ভিৰ কৰে পূজাস্থলীত। বিগত বর্ষ সমূহৰ দৰে এইবোৰ মহানগৰীত পাঁচ শতাধিক ৰাজহুৱা পূজা অনুষ্ঠিত কৰা হয়। প্ৰতিমা বিসৰ্জনত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰবাবে মহানগৰীৰ লাচিত ঘাট, পাণ্ডু ঘাট, চন্দ্ৰপুৰ ঘাট, আৰু সাওকুছি ঘাটৰ উপৰি আজাৰা আৰু সোণাপুৰত ব্যৱস্থা কৰা হৈছে। মহানগৰীৰ ছটা স্থানত প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা প্ৰশাসনৰ ফালৰ পৰা কৰা হয়। গুৱাহাটীৰ সৰ্বাধিক প্ৰতিমা লাচিত ঘাট আৰু পাণ্ডু ঘাটত বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। দুপৰীয়াৰ পৰাই গুৱাহাটীত প্ৰতিমা বিসৰ্জনৰ পৰ্ব আৰম্ভ হয়। লাচিত ঘাটত দুই শতাধিক প্ৰতিমা বিসৰ্জন কৰা হ’ব বুলি জানিব পৰা গৈছে। ইফালে প্ৰতিমা বিসৰ্জনৰ বাবে গুৱাহাটীৰ ৰাজপথত যানবাহন চলাচলৰ ক্ষেত্রত কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আনহাতে পূজা সমিতিসমূহৰ বাবেও প্ৰতিমা বিসৰ্জনৰ ক্ষেত্রত কেতবোৰ নিয়ম প্ৰযোজ্য কৰা হৈছে। প্ৰতিখন মণ্ডপৰ কেৱল নিৰ্দিষ্টসংখ্যক লোককহে ঘাটলৈকে যোৱাৰ অনুমতি দিয়া হৈছে। ইফালে প্ৰতিমা বিসৰ্জনৰ ঘাটসমূহত জিলা প্ৰশাসন, আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি সেৱা বাহিনী আদিৰ লোক নিযোজিত হৈ আছে। ভক্তসকলে নাচি-বাগি আনন্দ-ফুৰ্টি কৰি দেৱী দুৰ্গাক বিসৰ্জন দিয়ে যদিও যথেষ্ট অবেগিক হৈ পৰাও পৰিলক্ষিত হয়। ইফালে বিসৰ্জন পৰ্ব দেখাৰ বাবে ঘাটসমূহ লোকে লোকাৰণ্য হৈ পৰে। সমান্তৰাকৈ শোভাযাত্রা কৰি লৈ যোৱা দেৱী দুৰ্গাৰ প্ৰতিমাসমূহক বিদায় দিয়াৰ বাবেও ৰাজপথসমূহত অভাৱনীয় ভিৰ পৰিলক্ষিত হয়।