নিউজ ডেক্সঃমুকেশ আম্বানী, ভাৰতৰে নহয় বিশ্বৰ অন্যতম ধনী ব্যক্তি। এইবাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে বুধবাৰে নিশা প্ৰায় ১২.৫৭ বজাত মুম্বাইৰ ৰিলায়েন্স ফাউণ্ডেচনৰ এখন চিকিৎসালয় এটা ফোন কলৰ জৰিয়তে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই ।আৰক্ষীয়ে জনোৱা মতে কলটো এটা অজ্ঞাত নম্বৰৰ পৰা আহিছিল। কলটোৰ জৰিয়তে দুৰ্বৃত্তই আম্বানী পৰিয়ালৰ কেইজনমান সদস্যৰ নাম উল্লেখ কৰি ভাবুকি প্ৰদান কৰাৰ লগতে মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীকো মৃত্যুৰ ভাবুকি দিছে । এই সন্দৰ্ভত ডিবি মাৰ্গ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে । ঘটনাটোৰ তদন্ত কৰি আছে আৰক্ষীয়ে।ইয়াৰ আগতেও, ৰিলায়েন্স ফাউণ্ডেচনৰ চিকিৎসালয়ৰ লেণ্ডলাইনত এটা ফোন পোৱা গৈছিল আৰু তেতিয়াও আম্বানী পৰিয়ালক ভাবুকি দিছিল। সেই সময়ত আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।
