নিউজ ডেক্সঃযেতিয়াই আপুনি ঘড়ীৰ দোকানত দেৱাল ঘড়ী বা হাত ঘড়ী দেখে, তেতিয়াই নিশ্চয় ১০.১০ বজা চকুত পৰে । এই বিশেষ সময়ছোৱাৰ আঁৰত বহুতো কাহিনী আছে।কিছুমানৰ মতে ঘড়ীৰ আৱিষ্কাৰৰ পৰাই এই সময় আছে। সেয়েহে আৱিষ্কাৰকৰ সন্মান জনাইয়েই ঘড়ী নিৰ্মাতাসকলে বাছি লৈছে এই সময়।আনহাতে যেতিয়া ঘড়ীটোত ১০:১০ বাজি থকাটোৱে, আমাৰ হাতে দেখুওৱা বিজয়ৰ প্ৰতীক ‘V’ চিনটো প্কাশ কৰাত ঘড়ীটোৱে হাঁহি থকা যেন লাগে। কিন্তু এইটো বহুতো কাৰণৰ ভিতৰত এটা হ’ব পাৰে বুলিহে ধৰা হয়।বিশেষজ্ঞৰ মতে, সময় ১০:১০ নিৰ্মাতাসকলে এইকাৰণেই বাছি লৈছিল, কিয়নো নিৰ্মাতাসকলে ১২ বজাৰ চিহ্নৰ তলত নিজৰ নাম লিখে। ফলত প্ৰস্তুতকাৰীৰ নামটো গ্ৰাহকৰ চকুত পৰে আৰু তেওঁলোকে ঘড়ীটো কিনাৰ সিদ্ধান্ত লয়। গতিকে কোম্পানীটোৱে মাৰ্কেটিংৰ বাবে ঘড়ীৰ সময় ১০:১০ বনাই দিয়ে ।কিছুমানে এইটোও বিশ্বাস কৰে যে সময় ১০:১০ বাছি লোৱাৰ কাৰণ এই সময়তে হিৰোচিমাৰ ওপৰত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল। গতিকে ঘড়ী নিৰ্মাতাসকলে এইবাৰ বাছি লৈছে আক্ৰমণত নিহত হোৱাসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ। কিন্তু কাহিনীটো সঁচা নহয়, কাৰণ স্থানীয় সময় অনুসৰি ৮:১০ বজাত পাৰমাণৱিক বোমাটো নিক্ষেপ কৰা হৈছিল।আন কিছুমানে দাবী কৰে যে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনক গুলীয়াই হত্যা কৰা হৈছিল, তেতিয়া তেওঁৰ পকেটৰ ঘড়ীটোতো গুলী লাগিছিল আৰু পাছত ঘড়ীটোত সময় ১০.১০বজা দেখা গৈছিল । গতিকে তেতিয়াৰ পৰা বিশ্বৰ সকলো ঘড়ীয়েই সেই সময় দেখুৱাই বুলিও বহুতেই কয়।
