গুৱাহাটী,৭ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী ডাঃ ৰণোজ পেগু আৰু জয়ন্ত মল্ল বৰুৱাই। কেবিনেটত শিক্ষা সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে বিশেষ সিদ্ধান্ত। পুনৰ প্ৰৱৰ্তন হ’ব উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ ব্যৱস্থা। সেই অনুসৰি বিশেষ বছৰেকীয়া পৰীক্ষাত উত্তীৰ্ণ নোহোৱা শিক্ষাৰ্থীক ফেইল কৰাই দিয়া হ’ব। এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ’ব। আনহাতে ১২ খন জিলাত থকা বিদ্যালয় অভাৰলেপিঙৰ সমস্যা দূৰ কৰা হৈছে। মুঠ ১৬ টা ব্লকত অভাৰলেপিং হৈ থকা ১১৪২ খন বিদ্যালয়ক পুনৰ গঠিত ব্লক সমূহত দিয়া হৈছে। যাতে প্ৰশাসনীয় আৰু বিত্তীয় ক্ষমতা সংশ্লিষ্ট জিলাতে থাকে। তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে।
আজিৰ কেবিনেটত প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰটো সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অসম চৰকাৰে প্ৰতিমা পাণ্ডে বৰুৱাৰ ১২ বিঘা ৩ কঠা ১৮ লেচা মাটিৰে সৈতে থকা ‘হাৱাখান’ ঘৰটো পৰিয়ালৰ পৰা ১৫ কোটি টকাৰে ক্ৰয় কৰিব। য’ত এটা লাইভ মিউজিয়াম গঢ়ি তোলা হ’ব আৰু পৰ্যটন ক্ষেত্র হ’ব। বাসগৃহটো অসম চৰকাৰে সংৰক্ষণ কৰিব। সেইদৰে কাৰ্বি লাম্পীৰ ২৪ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে আজিৰ কেবিনেটে ৩০০ কোটি টকা অনুমোদন জনায়। তিনি বছৰৰ ভিতৰত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হ’ব। আনহাতে আজিৰ কেবিনেটে বৃটিছৰ শাসনকালত থকা কেতবোৰ নিয়মৰ অৱসান ঘটায়। পাৰ্টনাৰশ্বিপ এক্টৰ ক্ষেত্ৰত বৃটিছৰ দিনৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰা কেতবোৰ শব্দৰ ব্যৱহাৰৰ ক্ষেত্রত কেবিনেটে অনুমোদন জনায়। কেবিনেটে শক্তি বিভাগৰ পেঞ্চনাৰ সকলক পেঞ্চন দিয়াৰ বাবে ২৮৪ কোটি টকা মোকলাই দিয়ে। তদুপৰি বিদ্যুৎ ক্ৰয়ৰ বাবে ৰাজসাহায্য হিচাপে ৰাজ্য চৰকাৰে ১৯০ কোটি মোকলাই দিছে।