গুৱাহাটী,৭ অক্টোবৰঃ ৰাজ্য চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে শাৰদীয় দুর্গোৎসৱৰ আনন্দ-উলাহৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ৬৪৩ টা পথ দুর্ঘটনা। উৎসৱ-পাৰ্ৱন আদিৰ সময়ত স্বাভাৱিক সময়তকৈ পথ দুৰ্ঘটনা বৃদ্ধি পায় যদিও চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। তাৰ পাছতো দুৰ্গা পূজাৰ সময়ত ৬৪৩ টা পথ দুৰ্ঘটনা ৰাজ্যত সংঘটিত হয়। অৱশ্যে পথ দুৰ্ঘটনাৰ এই তথ্য মৃত্যুঞ্জয় ১০৮ সেৱাৰ। পথ দুৰ্ঘটনাৰ এই সংখ্যা আৰু অধিক হ’ব। কাৰণ ১০৮ সেৱাৰ যোগেদি ৬৪৩ টা দুৰ্ঘটনাৰ ক্ষেত্রত সেৱা আগবঢ়োৱা হৈছিল। ষষ্ঠীৰ পৰা দশমীলৈ ৭৫ টা পথ দুর্ঘটনাৰে শীৰ্ষত আছে কামৰূপ জিলা। দুর্গা পূজাৰ সময়ত গুৱাহাটী মহানগৰীত ২৬ টাকৈ পথ দুর্ঘটনা সংঘটিত হৈছে। মৃত্যুঞ্জয়-১০৮ সেৱাৰ তথ্য অনুসৰি দুর্গোৎসৱৰ সময়ত ৰাজ্যত ষষ্ঠীৰ দিনা ৭৭ টা, সপ্তমীৰ দিনা ১১৯ টা, অষ্টমীৰ দিনা ১২৮ টা, নৱমীৰ দিনা ১৭২ টা আৰু দশমীৰ দিনা ১৪৭ টা দুৰ্ঘটনা সংঘটিত হৈছে। পূজাৰ দিনকেইটাত অর্থাৎ ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ শোণিতপুৰত ৫৩ টা, নগাঁৱত ৪৬ টা, ওদালগুৰিত ৪০ টা, দৰঙত ৩৩ টা, গোলাঘাটত ৩০ টা, বৰপেটাত ২৯ টা, কাছাৰত ২৭ টা, ধেমাজিত ২৭ টা, শিৱসাগৰত ২৭ টা, ডিব্ৰুগড়ত ২৬ টা, নলবাৰীত ২৪ টা, বঙাইগাঁৱত ২০ টা,
চিৰাঙত ১৭টা, বাক্সাত ১৬ টা, গোৱালপাৰাত ১৫ টা, কাৰ্বি আংলঙত ১৫ টা, কোকৰাঝাৰত ১৫ টা, কৰিমগঞ্জত ১৩ টা, যোৰহাটত ১২ টা, ধুবুৰীত ১১ টা, তিনিচুকীয়াত ১১ টা, লখিমপুৰত ১০ টা, মৰিগাঁৱত ১০ টা, হাইলাকান্দিত ৮টা, ডিমা হাচাওত ৪ টা আৰু মাজুলীত ৩ টা পথ দুর্ঘটনা সংঘটিত হয়। দুর্ঘটনাগ্রস্ত লোকসকলক ‘মৃত্যুঞ্জয় ১০৮’য়ে সেৱা আগবঢ়ায়। উল্লেখযোগ্য যে এইবাৰৰ দুর্গা পূজাৰ সময়ত ৰাজ্যত ৬৪৩ টা দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে বিগত বৰ্ষত পূজাৰ সময়ত দুৰ্ঘটনাৰ সংখ্যা আছিল ৫৪১ টা। ষষ্ঠীৰ পৰা দশমীলৈ গুৱাহাটীত বিগত বৰ্ষত ৮টা দুর্ঘটনা সংঘটিত হৈছিল যদিও এইবাৰ
মহানগৰীত দুৰ্ঘটনাৰ সংখ্যা উদ্বেগজনকভাৱে ২৬ টালৈকে বৃদ্ধি পাইছে।