জামুগুৰিহাট, ৮অক্টোবৰঃজামুগুৰিহাটৰ কুসুমটোলাত চোৰৰ উপদ্ৰৱ অব্যাহত আছে। কালি নিশাও কুসুমটোলাত সংঘটিত হ’ল এক চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অঞ্চলটোৰ ৰামচৰণ ৰাজবংশী নামৰ ব্যক্তিজনৰ ঘৰত প্ৰবেশ কৰা চোৰে লুটি নিলে নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ। পুৱাৰ ভাগতহে গৃহস্থই চোৰ হোৱাৰ বিষয়ে জানিব পাৰি ওচৰ চুবুৰীয়াৰ লগতে স্থানীয় আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাই।ঘৰৰ পিছফালৰ দুৰ্জাৰ ল’ক ভাঙি চোৰে চাৰিটাকৈ গডৰেজৰ ল’ক খুলি প্ৰায় তিনি লাখ টকাৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ ধনলৈ উধাও হয় চোৰ। জামুগুৰি আৰক্ষীৰ দল ঘটনা স্হলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত চোৰৰ কোনো সম্ভেদ উলিয়াব পৰা নাই।উল্লেখ যে যোৱা দুটা মাহৰ ভিতৰত জামুগুৰিহাটৰ কুসুমটোলাত পাঁচটাৰো অধিক চুৰিকাণ্ড সংঘটিত হৈছে।