নলবাৰী, ৮ অক্টোবৰঃ প্ৰায় ৪৯ কৌটি টকাৰ জব্দকৃত ড্ৰাগছ দাহন কৰে নলবাৰী আৰক্ষীয়ে ।নলবাৰীত দাহন কৰা হ’ল ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী।জিলাখনৰ টিহুত নলবাৰী জিলা প্ৰশাসনে দাহন কৰিলে জব্দাকৃত প্ৰায় ৪৯ কোটি টকাৰ হিৰোইন, ব্ৰাউন চুগাৰ,গাঞ্জা,লগতে নিচাজাতীয় টেৱলেট আৰু কফ চিৰাপ । ড্ৰাগছ দাহন কাৰ্য্যসূচীত উপস্থিত থাকি নলবাৰী জিলাক ড্ৰাগছ মুক্ত কৰাৰ সংকল্প জিলা আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথৰ । সম্প্ৰতি সমাজত মাৰাত্মক ব্যাধি ৰূপে গঢ় লৈ উঠা ড্ৰাগছে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । ড্ৰাগছ মুক্ত এখন সুস্থ সমাজ গঢ়িবলৈ জনসাধাৰণে আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে ।আনহাতে আজিৰ এই ড্ৰাগছ দাহনৰ সময় ছোৱাত ন্যায়ালয়ৰ লোক উপস্থিত থাকে।ইফালে জিলাখনত জব্দহোৱা এই বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহন কৰে প্ৰশাসনে ।ইয়াৰ পূৰ্বে কেইবা কোটি টকাৰ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী দাহন কৰিছিল নলবাৰী জিলা প্ৰশাসনে।