গুৱাহাটী,৮ অক্টোবৰঃ গুৱাহাটীৰ বশিষ্ঠত নিৰ্মাণ কৰা ৰাজ্যিক বিজেপিৰ বহুপ্ৰতীক্ষিত নৱনিৰ্মিত কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ৬ মহলীয়া আটকধুনীয়া বাজপেয়ী ভৱন মুকলি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। সকলো অত্যাধুনিক সা-সুবিধা আছে এই নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়ত। জানিব পৰা মতে বিজেপিৰ দলীয়-কৰ্মীৰ সহায় আৰু সাহাৰ্যৰে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো। উল্লেখ যে প্ৰায় ৩৫ কোটি টকা ব্যয়সাপেক্ষে ১ লাখ বৰ্গ ফুট এলেকাত নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়টো। প্ৰায় ৫ সহস্ৰাধিক লোক একেলগে সমবেত হ’ব পৰা ছয়মহলীয়া এই কাৰ্যালয়টোত অতিথিশালা আৰু মিডিয়া চেণ্টাৰো আছে। লগতে আছে প্ৰায় ৪০০ লোক বহিব পৰা এক অত্যাধুনিক বিশাল প্ৰেক্ষাগৃহ।