চিৰাং, ৭ অক্টোবৰঃচিৰাং জিলাৰ বল্লমগুৰী আৰক্ষী চকীৰ অন্তৰ্গত ২নং দক্ষিন মাক্ৰাত আৰক্ষীৰ অভিযানত উৎখাত হয় ঝাণ্ডি-মূণ্ডা জুৱাৰ ঘাটি । যোৱা নিশা বল্লমগুৰী আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন খবৰৰ পমখেদি উৎখাত কৰিবলৈ সক্ষম হয় এই জুৱাৰ ঘাটি । জুৱা খেলৰ লগত জৰিত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বল্লমগুৰী আৰক্ষী চকীৰ আৰক্ষীয়ে । জুৱাৰী দুজনৰ নাম নবিবৰ ৰহমান(৫৪) আৰু আব্দুল আলিম(৩৭) । ইয়াৰে নবিবৰ ৰহমানৰ ঘৰ ২ নং দক্ষিন মাত্ৰা আৰু আব্দুল আলিমৰ ঘৰ ৪নং দক্ষিন মাক্ৰা বুলি জানিব পৰা গৈছে । জুৱাৰীৰ পৰা, এটা মোবাইল, ২৯০০ টকাৰ লগতে খেলত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। পাছত জুৱাৰী দুজনক বিজনী থানাত চমজাই দিয়ে বল্লমগুৰী আৰক্ষী চকীৰ আৰক্ষীয়ে। পাছত বিজনী থানাৰ আৰক্ষীয়ে ১৭০/২২ নম্বৰ কেচ গোচৰ ৰজু কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে ।