লখিমপুৰ,৯ অক্টোবৰঃ লখিমপুৰৰ জলসম্পদ বিভাগত এতিয়া চলিছে কমিচনৰাজ। বিভাগটোত বৃহৎ অংকৰ বিনিময়ত একাংশ ঠিকাদাৰক কোটি কোটি টকা সামান্য কামৰ নামত মোকলাই দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ এনে কেলেংকাৰি সংঘটিত হৈছে সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধ আঁচনিত। জিলাখনৰ বধাকৰাৰ সমীপৱৰ্তী মঘূৱাচুকত এনে কেলেংকাৰি সংঘটিত হৈছে। ১০ কোটি টকীয়া এখন আঁচনি ৰূপায়ণৰ ২০ শতাংশও কাম সম্পূৰ্ণ নোহোৱকৈ পাঁচ কোটি টকা ৰাজীৱ শ্বাহ নামৰ বিভাগীয় ঠিকাদাৰজনক চলিত বৰ্ষৰ চেপ্টেম্বৰ মাহত মোকলাই দিয়া কাৰ্যই সকলোৰে চকু কপালত তুলিছে। উল্লেখ্য যে যোৱা ২৮-০২-২০২২ তাৰিখে লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে ঢকুৱাখনা বিধান সভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে এছ অ পি ডি শিতানত ‘Anti Erosion Measures to protect Haridas Maghuachuk And Sonowalgaon of Badhakara Area on right bank of river Subansiri’ ১০ কোটি টকাৰ এখন আঁচনি শুভাৰম্ভ কৰে৷ তাৎপৰ্যপূৰ্ণ কথা যে বাৰিষা কাম কৰিবলৈ লোৱা এই আঁচনিখনৰ কাম সামান্য আগবঢ়াওতেই সোৱণশিৰিত পানী অহাৰ ফলত আঁচনিখন তেনেদৰেই পৰি ৰয়৷ তৎস্বত্বেও এই আঁচনিখনৰ নামতে যোৱামাহত লখিমপুৰৰ জলসম্পদ সংমণ্ডলে সংশ্লিষ্ট ঠিকাদাৰক কেইবা কোটি টকা আদায় দিয়া কাৰ্যই বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে৷ বিভাগীয় বিষয়াক বৃহৎ পৰিমানৰ কমিচন দিয়াৰ বাবেই এনেদৰে আধৰুৱা আঁচনিখনৰ নামত এই বৃহৎ পুঁজি ঠিকাদাৰক মোকলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ বিভাগীয় দায়িত্ববাহী বিষয়াই নিজেই স্বীকাৰ কৰিছে যে সমগ্ৰ আঁচনিখনৰ কাম ২০ শতাংশও সম্পূৰ্ণ হোৱা নাই৷ তেনেস্থলত কেৱল মেটেৰিয়েলছ বিলৰ নামত এনে বৃহৎ পৰিমানৰ পুঁজি আদায় দিয়া কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখনীয় কথা যে উক্ত আঁচনিখন বিভাগীয় ঠিকাদাৰে ১১ শ মিটাৰ দৈঘ্যৰ্ৰ কাম কৰিব লাগিছিল যদিও এই আঁচনিখনত ঠিকাদাৰে এতিয়া প্ৰায় ২-৩ শ মিটাৰ কাম কৰিয়েই পাচ কোটি টকা মোকলাই নিয়া কাৰ্যত স্তম্ভিত হৈ পৰিছে স্থানীয় লোক৷ ইফালে লখিমপুৰৰ জলসম্পদ বিভাগত সংঘটিত হোৱা এনে বৃহৎ কেলেংকাৰিৰ তদন্তৰ দাবী জনাইছে হিন্দু যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে৷ এই সন্দৰ্ভত পৰিষদে মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিব বুলিও জানিবলৈ দিছে৷ আজি পৰিষদৰ এটা দলে সোৱণশিৰিৰ মঘূৱাচুকৰ খহনীয়া প্ৰতিৰোধ আঁচনিখনৰ কামৰ নমুনা দেখি তবধ মানে৷ জলসম্পদ বিভাগে সোৱণশিৰি খহনীয়া প্ৰতিৰোধ তথা সুৰক্ষাৰ নামত চৰকাৰী ধনৰ ব্যাপক অপচয় কৰা বুলি পৰিষদে অভিযোগ কৰাৰ লগতে এই আঁচনিখনত নিম্ন মানৰ কামেৰে সামান্য কাম কৰি আঁচনিৰ অৰ্ধাংশ ধন উলিয়াই নিয়া কাৰ্যৰ উচিত তদন্তৰ দাবী জনাইছে৷