গুৱাহাটী,৯ অক্টোবৰঃ আই আই টি গুৱাহাটীত পুনৰ শিক্ষাৰ্থীৰ আত্মহত্যা। আত্মহনন কৰা ছাত্ৰজনৰ নাম গুডলা মহেশ চাই ৰাজ বুলি জানিব পৰা গৈছে। বি টেক অধ্যয়নৰত ছাত্ৰজনৰ ঘৰ অন্ধপ্ৰদেশ পুৱ গোডাবৰী। লুহিত হোষ্টেলৰ ছাত্ৰজনৰ বিৰুদ্ধে অলপতে শাস্তি বিহিছিল হোষ্টেল কতৃপক্ষই। ৬ অক্টোবৰৰ পৰা ছাত্রজন নিখোজ হৈ আছিল। আজি ছাত্রজনক চিপ লোৱা অৱস্থাত লোহিত হোষ্টেলৰ এটা পৰিত্যক্ত কোঠাত উদ্ধাৰ কৰা হয়। কোঠাটোৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱাত পোহৰলৈ আহে ঘটনাটো। লুহিত হোষ্টেলৰ C 314 নম্বৰ কোঠাৰ আৱাসী ছাত্ৰ গোডলা মহেশ চাই ৰাজৰ মৃতদেহ একেটা হোষ্টেলৰ D 360 নম্বৰ কোঠাত উদ্ধাৰ হয়। উল্লেখ যে বিশ্বকৰ্মা পূজাৰ দিনটোত সূয্য নাৰায়ণ প্ৰেম কিশোৰ নামৰ আন এজন বি টেক শিক্ষাৰ্থীয়ে উমিয়াম হোষ্টেলত আত্মহত্যা কৰিছিল। ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।