নিউজ ডেক্স,১১ অক্টোবৰঃ যোৱানিশা এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰে অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে। কৰিমগঞ্জত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি সদৰি কৰে এই বিষয়ে। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ৯.৪৬ কেজি। যি ৭৬৪ টা বাকছত আনিছিল সৰবৰাহকাৰীয়ে। যাৰ বজাৰ মূল্য প্ৰায় ৪০ কোটি হ’ব বুলি সদৰি কৰিছে আৰক্ষীৰ। কেৱল এটা দিনতে জব্দ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছ। লগতে আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী এজনকো। এখন ট্ৰাকত এক গোপন চেম্বাৰত লুকুৱাই আনিছিল ড্ৰাগছ খিনি। ট্ৰাকখনত চিমেণ্ট ভৰ্তি কৰি আনিছিল। যাতে কাৰো নজৰত নপৰে। কিন্তু আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যৌথ অভিযানত সকলো ধৰা পৰি যায়। জানিব পৰা মতে ট্ৰাকখনে মিজোৰামৰ পৰা অসম হৈ ত্ৰিপুৰালৈ লৈ গৈ আছিল ড্ৰাগছখিনি। বৰ্তমানে ট্ৰাকখনৰ চালক মুহিব উদ্দিনক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
