গুৱাহাটী,১১ অক্টোবৰঃ গুণগত মানৰ বীজ বিতৰণ সুনিশ্চিতকৰণৰ লগতে বীজ বিতৰণ ব্যৱস্থাটো কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে কৃষি মন্ত্রী অতুল বৰাই। আজি জনতা ভৱনত কৃষি বিভাগৰ এক পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰি সংশ্লিষ্ট বিষয়াসকলক মন্ত্রীগৰাকীয়ে এই নিৰ্দেশ দিয়ে। তেওঁ কয় যে অসমৰ অৰ্থনীতি মুখ্যতঃ কৃষি নিৰ্ভৰশীল আৰু ৰাজ্যখনৰ অধিকাংশ লোক কৃষিখণ্ডৰ সৈতে জড়িত হৈ আছে। সেয়েহে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত কৃষি বিভাগৰ অধীনৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। লগতে কৃষি উৎপাদন বৃদ্ধিৰ বাবে আমাৰ কৃষকসকলক গুণগত মানৰ বীজ সময়মতে বিতৰণ কৰাৰ দিশতো অগ্ৰাধিকাৰ দিছোঁ বুলি তেওঁ কয়। বৈঠকত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা শীৰ্ষক অভিলাষী আঁচনি দুখনৰ শেহতীয়া ৰূপায়ণ স্থিতিৰ সবিশেষ বুজ মন্ত্রী বৰাই। লগতে তেওঁ কৃষকসকলৰ সুবিধাৰ্থে আঁচনি দুখনৰ কাম-কাজসমূহ ক্ষিপ্ৰতাৰে সমাপন কৰিবলৈ বিষয়াসকলক নিৰ্দেশনা দিয়ে। লগতে NFSM, RIDF, CMSGUY, SMAM, HMNEH, NMEO-Oil Palm, MOVCD-NER আদি কৃষি আঁচনিসমূহৰ ৰূপায়ণ স্থিতি আৰু সাৰৰ উপলব্ধতা সন্দৰ্ভতো বিষয়াসকলৰ পৰা তেওঁ সবিশেষ বুজ লয়। বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ আশিস কুমাৰ ভূটানী, কৃষি সঞ্চালক অনন্তলাল জ্ঞানী প্ৰমুখ্যে সংশ্লিষ্ট বিভিন্ন দায়িত্বত থকা বিভাগীয় জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত আছিল।