নিউজ ডেস্ক:ঘৰিয়ালটোৰ আশ্ৰয়স্থল আছিল এটা পুখুৰীত। যদিও সি কোনোদিনে সেই পুখুৰীটোত থকা মাছবোৰক আমনি কৰা নাছিল।হয়, আমি কৈ আছো কেৰেলাৰ বিখ্যাত নিৰামিষভোজী ঘৰিয়াল বাবিয়াৰ কথা, যাৰ মৃত্যুৱে দেওবাৰে কেৰেলাৰ কাছাৰগড় অঞ্চলৰ শ্ৰী আনন্দপদ্মনাভ মন্দিৰত শোকৰ ছাঁ পেলায়। জানিব পৰা মতে বাবিয়াৰ বয়স আছিল ৭৫ বছৰ।কেৰেলাৰ কাছাৰগড় জিলাৰ অনন্তপুৰা গাঁৱৰ মন্দিৰটো এই ঘৰিয়ালটোৰ বাবেই বিখ্যাত আছিল। ঘৰিয়ালটো চাবলৈ মন্দিৰ চৌহদত বহু লোকে ভিৰ কৰে। স্থানীয় লোকৰ মতে কুমিৰটো ঈশ্বৰৰ দূত। সেয়েহে স্থানীয় ৰাইজে কুমিৰটোক পূজা কৰিছিল।ঘৰিয়ালটো মন্দিৰৰ চৌহদত থকা পুখুৰীটোলৈ কেতিয়া আহিছিল কোনেও নাজানে। স্থানীয় ৰাইজৰ মতে, ৭০ বছৰতকৈও অধিক সময় ধৰি মন্দিৰটোত বসবাস কৰিছিল এই ঘৰিয়ালটোৱে।সচৰাচৰতে ঘৰিয়াল সদায় হিংস্ৰ হয়। কিন্তু বাবিয়া আছিল সম্পূৰ্ণ ওলোটা । তাৰ শান্ত আচৰণৰ বাবে সি আছিল সকলোতকৈ পৃথক । সি কেতিয়াও কাকো আক্ৰমণ কৰা নাছিল বাবেই সি সকলোৰে বাবে আছিল আকৰ্ষণৰ কেন্দ্ৰ ।