বৰপেটা,১১ অক্টোবৰঃ বৰপেটা জিলাৰ আলোপতিত যোৱা নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহীৰ লগতে চালকজন দুগৰাকী যুৱক। জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হোৱা যুৱক দুগৰাকী হৈছে ক্ৰমে নিচানৰ চৰ নিবাসী আবুল হুছেইনৰ পুত্ৰ আবু তালেপ (১৬) আৰু অালোপতি শান্তিপুৰ নিবাসী নুৰ মহম্মদৰ পুত্ৰ মফিজুৰ ৰহমান (১৯) । উল্লেখ্য যে,দুয়োগৰাকী যুৱকে আলোপতি ফকীৰপাৰা বজাৰৰ পৰা এএছ-১৫ইউ১৯৩৪ নম্বৰৰ ইয়ামাহা এফ জেদ বাইকেৰে তীব্ৰ গতিত আহি থকা অৱস্থাত পথত থকা স্পিড বেকাৰ পাৰ হওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰে। পিছে দুৰ্ঘটনাত পতিত দুয়োজন যুৱকক ততাতৈয়াকৈ আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰায় যদিও চিকিৎসকে দুয়োজনকে মৃত বুলি ঘোষণা কৰে। সম্প্ৰতি ঘটনাস্থলীত আলোপতি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহ দুটা অাৰক্ষী থানালৈ লৈ যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকত ভাগি পৰিছে দুয়োটা পৰিয়াল। অাজি নিহত যুৱক দুজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে অাৰক্ষীয়ে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।